পলাশবাৰীৰ উৰপুতত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন

0 286

দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন ৰাজীৱ গান্ধী ২১ মে’ত মৃত্যু বাৰ্ষিকী উপলক্ষে পলাশবাৰীৰ উৰপুত পুথিভঁৰাল প্ৰাঙ্গণত অসম ৰাজ্যিক এন এছ ইউ আইৰ উদ্যোগত আৰু মাৰোৱাৰী হাস্পতালৰ সহযোগত এদিনীয়া বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। স্বাস্থ্য শিৱিৰৰ আৰম্ভণিতে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে উৰপুত চতুৰ্ভূজ সত্ৰৰ প্ৰাংগনত বৃক্ষৰোপন কৰা হয়। প্ৰায় ১৫০ জন পুৰুষ-মহিলাক অভিজ্ঞ চিকিৎসক ডা: নগেন্দ্ৰ নাথ শৰ্মা আৰু তেওঁৰ সহযোগীসকলে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ লগতে ঔষধ বিতৰণ কৰে। উক্ত অনুষ্ঠানত মাৰ্কেটিং পৰিচালক ৱাছিম বৰা, ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃষাণু বৰুৱা, উপ-সভাপতি বিকাশ নাথ যোগী, ৰাজ্যিক এন এছ ইউ আইৰ সাধাৰণ সম্পাদক কৌশিক কাশ্যপ, জিলা এন এছ ইউ আইৰ সভাপতি ছাকিল আহমেদ আৰু জিলা এন এছ ইউ আইৰ সাধাৰণ সম্পাদক গুণিদ্ৰ দাস উপস্থিত থাকে।মাৰোৱাৰী হস্পিতালৰ কতৃপক্ষ আৰু উৰপুত পুথিভঁৰালৰ সমূহ সদস্যই স্বাস্থ্য শিৱিৰত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাজ্যিক এন এছ ইউ আইৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.