পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত কুকুৰমাৰা ৰোহিনী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় এটি স্থায়ী পতাকা বেদী যোৱা ১৫ আগষ্টত স্থাপন কৰা হয়।১৯৯৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ উক্ত স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গঠিত শৃংখল ন্যাসৰ ৰোহিনী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বহু দিনৰ পৰা পতাকাৰ বেদী এটাৰ অভাৱ বাৰুকৈয়ে হৈ আছিল। এই অভাৱটো পুৰণৰ বাবে উক্ত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গঠিত শৃংখল ন্যাস নামৰ অনুষ্ঠান এটিয়ে অতি সুন্দৰকৈ পতাকাৰ স্থায়ী বেদীটো নিৰ্মাণ কৰিছে। উক্ত বেদীটো ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ- ছাত্ৰী, ১৯৯৩ হাইস্কুল শিক্ষান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলে স্থায়ী বেদীটো শুভ-উন্মোচন কৰা হয়। প্ৰাক্তন ছাত্ৰ তথা শৃংখল ন্যাসৰ সভাপতি অমিতাভ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী জুৰি দাস, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন মেধিয়ে শৃংখল ন্যাসৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ সংগতি ৰাখি বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰা হয়। বৃক্ষ ৰোপণ কৰে প্ৰাক্তন ছাত্ৰ কনক মজুমদাৰ, পূৰ্ণেশ্বৰ দাস আৰু বিনিমা চৌধুৰীয়ে।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ