পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত কুকুৰমাৰা ৰোহিনী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় এটি স্থায়ী পতাকা বেদী যোৱা ১৫ আগষ্টত স্থাপন কৰা হয়।১৯৯৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ উক্ত স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গঠিত শৃংখল ন্যাসৰ ৰোহিনী কুমাৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বহু দিনৰ পৰা পতাকাৰ বেদী এটাৰ অভাৱ বাৰুকৈয়ে হৈ আছিল। এই অভাৱটো পুৰণৰ বাবে উক্ত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গঠিত শৃংখল ন্যাস নামৰ অনুষ্ঠান এটিয়ে অতি সুন্দৰকৈ পতাকাৰ স্থায়ী বেদীটো নিৰ্মাণ কৰিছে। উক্ত বেদীটো ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ- ছাত্ৰী, ১৯৯৩ হাইস্কুল শিক্ষান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলে স্থায়ী বেদীটো শুভ-উন্মোচন কৰা হয়। প্ৰাক্তন ছাত্ৰ তথা শৃংখল ন্যাসৰ সভাপতি অমিতাভ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী জুৰি দাস, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন মেধিয়ে শৃংখল ন্যাসৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ সংগতি ৰাখি বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰা হয়। বৃক্ষ ৰোপণ কৰে প্ৰাক্তন ছাত্ৰ কনক মজুমদাৰ, পূৰ্ণেশ্বৰ দাস আৰু বিনিমা চৌধুৰীয়ে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই