পলাশবাৰীৰ চান ফাৰ্মাত ক’ৰণাৰ একমাত্ৰ প্ৰতিষেধক ইনজেকশ্বন ‘ৰেমডেচভিৰ’ প্ৰস্তুত

0 188

মহামাৰী ক’ৰণাই সমগ্ৰ দেশতে দ্বিতীয়বাৰলৈ বিভীষিকাৰ সৃষ্টি কৰি এক আতংকময় পৰিবেশ বিৰাজ কৰাৰ সমান্তৰালভাৱে অসমতো দিনক দিনে বাঢ়ি গৈ আছে মহামাৰী ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ৰাজ্যখনৰ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত ক’ৰণা মহমাৰীৰ সংক্ৰমণ ৰোধৰ বাবে বান্ধি দিয়া নীতি নিয়মবোৰ মানি চলিবলৈ বাৰাম্বাৰ আহ্বান জনাই আহিছে। এনে সময়তে দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত ঔষধ প্ৰস্তুতকাৰী উদ্যোগ ‘চানফাৰ্মাই ৰাজ্যবাসীৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বতেই ত্ৰাসৰ সৃষ্টি কৰি থকা ক’ৰণাৰ একমাত্ৰ প্ৰতিষেধক ইনজেকশ্বন হিচাপে চিহ্নিত ‘ৰেমডেচভিৰ’ এইবাৰ প্ৰস্তুত হৈ আছে পলাশবাৰীৰ ঔষধ প্ৰস্তুত কৰা উদ্যোগ চানফাৰ্মাত। আজি পুৱাই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰীস্থিত উদ্যোগটোত উপস্থিত হৈ পৰ্যাবেক্ষণ কৰি বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈ ক’ৰণাৰ প্ৰতিষেধক ‘ৰেমডেচভিৰ’ আজিয়েই দহ হাজাৰ লাভ কৰাৰ কথা প্ৰকাশ কৰিলে। আতংকময় পৰিবেশ তথা দুখৰ মাজতো অসমবাসীৰ বাবে যেন এটা সুখৰ বতৰা কঢ়িয়াই অনা এই চানফাৰ্মাৰ পৰা প্ৰয়োজন সাপেক্ষে ধাৰাবাহিভাৱে প্ৰতিষেধক ইনজেকশ্বন লাভ কৰিবলৈ সক্ষম হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। দেশৰ কেবাটাও উদ্যোগ প্ৰতিষ্ঠানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ঔষধ প্ৰস্তুতকাৰী পলাশবাৰীস্থিত ‘চানফাৰ্মাত এই জীৱনদায়িনী ঔষধ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰা বিষয়টো নি:সন্দেহে অসমবাসীৰ বাবে সচাকৈয়ে এটা শুভ খবৰ। প্ৰথমে দহ হাজাৰটা প্ৰতিষেধক আজি লাভ কৰাৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়ত আকৌ বুজন পৰিমাণে লাভ কৰিব বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী শৰ্মাই। যি সময়ত কাল ক’ৰণাৰ ভয়ত সমগ্ৰ বিশ্ব ত্ৰাসিত সেই সময়তেই পলাশবাৰীৰ চান ফাৰ্মাত ক’ৰণাৰ পৰা ৰক্ষা পাবৰ বাবে জীৱনদায়িনী ৰেমডেচভিৰ ইনজেকশ্বন প্ৰস্তুত কৰিবলৈ লোৱা বিষয়টোৱে সচাকৈয়ে দেশবাসীক স্বস্তিৰ নিশ্বাস পেলাইছে।
আনহাতে অক্সিজেন প্ৰস্তুত সন্দৰ্ভত ড০ শৰ্মাই কয় যে শিলচৰ মেডিকেল কলেজ আৰু এম.এম.চি.এইচত ২ টা, গুৱাহাটী মেডিকেল কলেজত ৩ টা, যোৰহাটত ২ টা, ডিফু, বৰপেটা আৰু তেজপুৰত ১ টাকৈ অক্সিজেন প্ৰস্তুত কৰা ইউনিটৰ কাম চলি আছে। ইয়াৰে শিলচৰ আৰু এম.এম.চি.এইচত ১ টাকৈ অক্সিজেন ইউনিটৰ কাম পূৰ্ণগতিত চলি আছে। অহা তিনিদিনৰ ভিতৰত মুকলি কৰা হব বুলি কোৱাৰ লগতে অহা ২, ৩ মেলৈ অসমৰ পৰিস্থিতি ভালে থাকিব বুলিও মন্তব্য কৰে ড০ শৰ্মাই। আনহাতে ভূটানৰ পৰাও প্ৰয়োজন সাপেক্ষে অক্সিজেন আমদানি কৰাৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে।যোৱাবাৰ ক’ৰণা মহমাৰী সময়ছোৱাত ক’ৰণা প্ৰতিষোধক ইনজেকশ্বন ‘ৰেমডেচভিৰ’ একমাত্ৰ অসমত আক্ৰান্ত হোৱা লোকৰ দেহত প্ৰয়োগ কৰি সুফল পাইছিল বাবে অসমত মৃত্যুৰ সংখ্যা অতি কম বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এই সফলতা অৰ্জনৰ পিছতেই দেশৰ অন্য ৰাজ্যলৈও এই প্ৰতিষেধক ইনজেকশ্বন ৰেমডেচভিৰ’ ৰপ্তানি হ`ব বুলিও মন্তব্য কৰে। লগতে ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয় সমূহে যদিহে ৰাজ্য চৰকাৰৰ পৰা এই প্ৰতিষেধক ক্ৰয় কৰে তেতিয়াহলে তেওঁলোকে চৰকাৰী মূল্যতহে জনসাধাৰণক দিব লাগিব বুলি উল্লেখ কৰে।উদ্যোগটোত উপস্থিত হোৱাৰ পিছতেই মন্ত্ৰীগৰাকীয়ে পৰিবেশ সজাগতাৰ বাবে গছ পুলি ৰোপন কৰে। উদ্যোগটো পৰিদৰ্শন কৰাৰ সময়ত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে সংগ দিয়ে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা, পলাশবাৰী বিজেপি নেতা হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা সভাপতি ধনেশ্বৰ তালুকদাৰৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.