দক্ষিণ কামৰূপৰ আমৰাঙা বৰিহাট অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান নবোদয় আদৰ্শ বিদ্যামন্দিৰ, বৰিহাটৰ উদ্যোগত ৩১ ডিচেম্বৰৰ দিনা বিদ্যালয় প্ৰাঙ্গনত শীতকালীন এদিনীয়া মৃৎশিল্প কৰ্মশালা এখনি সুকলমে অনুষ্ঠিত হৈ যায়। তৃতীয় শ্ৰেণীৰ পৰা আগ্ৰহী প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাত বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে। শিল্পী পৱন মহন্তৰ নেতৃত্বত চিমি কুমাৰী দাস আৰু বিনা কুমাৰীয়ে কৰ্মশালাখন পৰিচালনা কৰে। উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ উজ্বল ভৱিষ্যত কামনা কৰি পৰৱৰ্তী পৰ্যায়ত ১৫ দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিবলৈ ইচ্ছা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। নবোদয় আদৰ্শ বিদ্যামন্দিৰ পৰিচালনা সমিতিৰ সচিব কল্প কলিতাই কৰ্মশালাখন উদ্ধোধন কৰি কয় যে মাটিও আমাৰ এটা শিল্প আৰু মাটিৰ দ্বাৰাও যে বিভিন্ন সৃজনীমুলক কাম কৰাৰ লগতে ইয়াত বাণিজিক আৰু অৰ্থনৈতিক মূল্য আছে। কণ কণ শিক্ষাৰ্থীসকলক মাটিৰ সৈতে চিনাকী কৰি দি ইয়াৰ গূঢ়াৰ্থ বুজাব লাগিব বুলিও কয়। আজিৰ অনুষ্ঠানত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা লক্ষী কাকতি দাসৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰিও আমৰাঙ্গা গাও পঞ্চায়তৰ আঞ্চলিক সদস্যা নবনীতা চৌধুৰী কলিতা, বেচৰকাৰী সংস্থা জনসাৰথিৰ সম্পাদক মিতুমনি দাস, প্ৰচাৰ সম্পাদক মণ্টু কলিতাকে ধৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls