ৰাজ্যৰ আন অঞ্চলৰ লগতে পশ্চিম গুৱাহাটীৰ বৰঝাৰস্থিত সৰু আগছিয়া প্ৰাথমিক বোৱা কটা সমবায় সমিতি লিমিটেডৰ উদ্যোগত আজি ক’ভিড বিধি অনুসৰি অনুষ্টুপিয়াকৈ সপ্তম ৰাষ্ট্রীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় । এই উপলক্ষে সমিতিৰ সভানেত্ৰী ধৰিত্ৰী দাসে কেক কাটি শুভাৰম্ভ কৰা সভাখনত সম্পাদিকা গীতা মণ্ডল ডেকাই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰে আৰু ব্যৱসায়িক ভিত্তিত হস্ততাতক গ্ৰহণ কৰিবলৈ উপস্থিত মহিলা সকলক আহ্বান জনায় । সভাত স্থানীয় শিপিনী ক্ৰমে বিবি কলিতা , নিৰু কলিতা , লিলি বৈশ্য , ৰীতা মণ্ডল , প্ৰণীতা মেধি , কবিতা মেধি উপস্থিত থাকে । সভাত সমিতিৰ ফালৰ পৰা উপস্থিত শিপিনী মহিলা কেইগৰাকীক সন্মান যাঁচে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই