৪ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ হাৰিয়ানাৰ আৰক্ষী মধুবন খেল ষ্টেডি়য়ামত অনুষ্ঠিত হোৱা সৰ্ব ভাৰতীয় আৰক্ষীৰ পাঞ্জা খেল প্ৰতিযোগিতাত (Arm Wrestling) অসম আৰক্ষীৰ দলে দুটা সোণ,দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি অসম তথা অসম আৰক্ষী লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা পদক বিজয়ী সকল ক্ৰমে আৰক্ষী কনিষ্টবল কন্দৰ্প বৰুৱা (সোণ,৭০কেজি ৰ অনুৰ্ধ্ব ), ২২নং অসম আৰক্ষী বাহিনী, কনিষ্টবল অম্লানজিত বৰঠাকুৰ (সোণ, ৮০ কেজি ৰ অনুৰ্ধ্ব), ১২নং অসম আৰক্ষী বাহিনী, মহিলা আৰক্ষী কনিষ্টবল লভিতা কোচ (ৰূপ , ৫০ কেজি অনুৰ্ধৰ) আৰু মহিলা আৰক্ষী জুনমণি দাস (ৰূপ, ৫৫ কেজি অনুৰ্ধ্ব) দুয়োগৰাকী ২২নং অসম আৰক্ষী বাহিনীৰ আৰু কনিষ্টবল বিনোদ বৰুৱা (ব্ৰঞ্জ, ৮৫ কেজি ৰ অনুৰ্ধ্ব) , ১৩নং অসম আৰক্ষীত কৰ্মৰত। উল্লেখ্য যে কনিষ্টবল কন্দৰ্প বৰুৱাই champion of the champion ৰ শাখাত ফাইনেল ৰাউণ্ডত প্ৰবেশ কৰে আৰু মণিপুৰ ৰ প্ৰতিদ্বন্দ্বী ৰ লগত প্ৰতিদ্বন্দিতা কৰি সামগ্ৰিকভাৱে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই