গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া পামহী অঞ্চলৰ উদ্যমী কৃষক সুশীল টেৰণক তেঁও কৃষি ক্ষেত্ৰখনত উদ্ভাৱন কৰা এটা বিশেষ কৌশলৰ বাবে ৰাষ্ট্ৰপতিৰ নব প্ৰৱৰ্তন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে পামহীৰ উদ্যমী কৃষক তথা সেউজ কৃষক গোট নামৰ কৃষি বিষয়ক অনা চৰকাৰী সংস্থাটোৰ সম্পাদক সুশীল টেৰণে ২০১৬ চনত ঘৰৰ ওচৰত সতীৰ্থ সকলৰ সৈতে প্ৰায় ২৪০ বিঘা মাটিত ধান, সৰিয়হ, মাকৈ, ৰঙালাও আদিৰ খেতি কৰোতে পোৱা এটা ডাঙৰ অসুবিধা দূৰ কৰি সেই মাটি কৃষি উপযোগী কৰি তুলিবলৈ নিজে উদ্ভাৱন কৰিছিল এটা বিশেষ কৌশল। সেই অসুবিধাটো আছিল ট্ৰেক্টৰেৰে মাটি চহ কৰাৰ পাছতো মাটিত ডাঙৰ চপৰাৰ সৃষ্টি হৈছিল। আনকি মৈৰে বহুত চহোৱাৰ পাছতো সেই চপৰা সমূহ ভঙা যোৱা নাছিল। যাৰ বাবে খেতি কৰাত অসুবিধাৰ সন্মুখীন হ’বলগা হৈছিল। সেই মাটিৰ চপৰা সমূহ গুৰি কৰি তাক কৃষি উপযোগী কৰিবলৈ সুশীল টেৰণে নিজে উদ্ভাৱন কৰে চইল ক্লড ক্ৰুচাৰ নামৰ এটা লোৰ সজুলি। প্ৰায় দুই কুইন্টল ওজনৰ লোৰ সেই বিশেষ সজুলিটো ব্যৱহাৰ কৰাৰ পাছতো কিছু সৰু চপৰা পুনৰ ভঙা নোযোৱাকৈ ৰৈ গৈছিল।পুনৰ এটা ৰটাভেটৰৰ দৰে সজুলি উদ্ভাৱন কৰে।২০১৭ চনত সেই দুয়োটা সজুলি ট্ৰেক্টৰত মৈৰ দৰে সংস্থাপন কৰি মাটি ধুলিৰ দৰে চহ কৰি খেতিৰ উপযোগী কৰিবলৈ সক্ষম হয়। ১০ এপ্ৰিলত ৰাষ্ট্ৰপতি ভবনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় নব প্ৰৱৰ্তন প্ৰতিষ্ঠানৰ একাদশ সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী ড: জীতেন্দ্ৰ সিঙে সুশীল টেৰণক এই সন্মানীয় বঁটা প্ৰদান কৰে। বটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় নবপ্ৰৱৰ্তন প্ৰতিষ্ঠানৰ ( এন আই এফ)অধ্যক্ষ পি এছ গোৱেল ,সচিব এছ চন্দ্ৰশেখৰ,সঞ্চালক ড: অৰবিন্দ কুমাৰ ৰানাদেকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল।আনহাতে ১৪ এপ্ৰিলত সুশীল টেৰণ নতুন দিল্লীৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত বিমানবন্দৰত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, কাৰ্যকৰী সদস্য পৱন কলিতা(বিৰাজ), ভনিতা বড়ো টেৰণ , দময়ন্তি টেৰণকে ধৰি কেবাজনেও বিপুল আদৰণি জনায়।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta