গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া পামহী অঞ্চলৰ উদ্যমী কৃষক সুশীল টেৰণক তেঁও কৃষি ক্ষেত্ৰখনত উদ্ভাৱন কৰা এটা বিশেষ কৌশলৰ বাবে ৰাষ্ট্ৰপতিৰ নব প্ৰৱৰ্তন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে পামহীৰ উদ্যমী কৃষক তথা সেউজ কৃষক গোট নামৰ কৃষি বিষয়ক অনা চৰকাৰী সংস্থাটোৰ সম্পাদক সুশীল টেৰণে ২০১৬ চনত ঘৰৰ ওচৰত সতীৰ্থ সকলৰ সৈতে প্ৰায় ২৪০ বিঘা মাটিত ধান, সৰিয়হ, মাকৈ, ৰঙালাও আদিৰ খেতি কৰোতে পোৱা এটা ডাঙৰ অসুবিধা দূৰ কৰি সেই মাটি কৃষি উপযোগী কৰি তুলিবলৈ নিজে উদ্ভাৱন কৰিছিল এটা বিশেষ কৌশল। সেই অসুবিধাটো আছিল ট্ৰেক্টৰেৰে মাটি চহ কৰাৰ পাছতো মাটিত ডাঙৰ চপৰাৰ সৃষ্টি হৈছিল। আনকি মৈৰে বহুত চহোৱাৰ পাছতো সেই চপৰা সমূহ ভঙা যোৱা নাছিল। যাৰ বাবে খেতি কৰাত অসুবিধাৰ সন্মুখীন হ’বলগা হৈছিল। সেই মাটিৰ চপৰা সমূহ গুৰি কৰি তাক কৃষি উপযোগী কৰিবলৈ সুশীল টেৰণে নিজে উদ্ভাৱন কৰে চইল ক্লড ক্ৰুচাৰ নামৰ এটা লোৰ সজুলি। প্ৰায় দুই কুইন্টল ওজনৰ লোৰ সেই বিশেষ সজুলিটো ব্যৱহাৰ কৰাৰ পাছতো কিছু সৰু চপৰা পুনৰ ভঙা নোযোৱাকৈ ৰৈ গৈছিল।পুনৰ এটা ৰটাভেটৰৰ দৰে সজুলি উদ্ভাৱন কৰে।২০১৭ চনত সেই দুয়োটা সজুলি ট্ৰেক্টৰত মৈৰ দৰে সংস্থাপন কৰি মাটি ধুলিৰ দৰে চহ কৰি খেতিৰ উপযোগী কৰিবলৈ সক্ষম হয়। ১০ এপ্ৰিলত ৰাষ্ট্ৰপতি ভবনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় নব প্ৰৱৰ্তন প্ৰতিষ্ঠানৰ একাদশ সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী ড: জীতেন্দ্ৰ সিঙে সুশীল টেৰণক এই সন্মানীয় বঁটা প্ৰদান কৰে। বটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় নবপ্ৰৱৰ্তন প্ৰতিষ্ঠানৰ ( এন আই এফ)অধ্যক্ষ পি এছ গোৱেল ,সচিব এছ চন্দ্ৰশেখৰ,সঞ্চালক ড: অৰবিন্দ কুমাৰ ৰানাদেকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল।আনহাতে ১৪ এপ্ৰিলত সুশীল টেৰণ নতুন দিল্লীৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত বিমানবন্দৰত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, কাৰ্যকৰী সদস্য পৱন কলিতা(বিৰাজ), ভনিতা বড়ো টেৰণ , দময়ন্তি টেৰণকে ধৰি কেবাজনেও বিপুল আদৰণি জনায়।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান