গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া তথা আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মইনাখোৰোংস্থিত শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগনত মন্দিৰৰ সৌজন্যত উদযাপন কৰি অহা ৰাস মহোৎসৱে এইবেলি ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন কৰিছে। সেই অনুসৰি অহা ১৫ নবেম্বৰৰৰ পৰা ২৫ নৱেম্বৰলৈ ১১ দিনীয়া কাৰ্যসূচীৰে পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হব। ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশিষ্ট সমাজকৰ্মী দীপক চন্দ্ৰ বড়োক (কুলি) সভাপতি , উৎপল কুমাৰ দাসক কাৰ্যকৰী সভাপতি, পুনাল বড়ো আৰু ধীৰাজ টুমুংঙক উপ সভাপতি, বলেশ্বৰ ৰংপী আৰু জয়ন্ত টুমুংঙক সাধাৰণ সম্পাদক , হৰদ্বীপ বড়ো , সুৰজ টেৰণ , হৰিচন্দ্ৰ ৰংপী আৰু সুৰজ বড়োক সহকাৰী সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী সমিতি , কেবাখনো উপ সমিতি গঠন কৰা হৈছে। আনহাতে ৰাস মহোৎসৱৰ আটাইকেইদিনতে পুৱা পূজা আৰম্ভ, বিয়লি গীতা পাঠ আৰু নামতি দলে নাম পৰিৱেশন কৰিব। ইফালে ২৩ অক্টোবৰৰ দিনা ৰাস মহোৎসৱথলীত আগন্তক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়। উপস্থিত ৰাইজৰ বিপুল হৰ্ষধ্বনিৰ মাজত মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উৎপল কুমাৰ দাসে । এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি দীপক চন্দ্ৰ বড়োৱে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত উৎপল কুমাৰ দাসে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মিলনভূমি বৃহত্তৰ গড়চুক, পামহী অঞ্চলত ৰাস মহোৎসৱখনে সম্প্ৰীতিৰ বাণী কঢ়িয়াই আহিছে বুলি সদৰি কৰে। অনুষ্ঠানত উদযাপন সমিতিৰ কেবাজনো কৰ্মকৰ্তা , শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ পৰিচলনা সমিতিৰ সভাপতি গোবিন্দ চন্দ্ৰ বড়ো, কাৰ্যকৰী সভাপতি মৰ্মেশ্বৰ বড়ো, উপ সভাপতি কৰুণা কান্ত বৰা সাধাৰণ সম্পাদক আনন্দ ৰাম বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তা, অঞ্চলটোৰ বিভিন্ন দল – সংগঠনৰ প্ৰতিনিধি আৰু বহু বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls