মহাবীৰ লাচিত বৰফুকনৰ জীৱন আৰু কর্মৰাজিৰ ওপৰত ভিত্তি কৰি নির্মাণ কৰা ছবি ‘লাচিত : দ্য ৱাৰিয়ৰ য়ে পুনৰ সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱৰ দ্বাদশ সংস্কৰণত শ্রেষ্ঠ এনিমেচন ছবিৰ সন্মান লাভ কৰিছে ‘লাচিত : দ্য ৱাৰিয়ৰয়ে৷ এই ছবিখন অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ উপ–মহাপৰিদর্শক পার্থসাৰথি মহন্তই পৰিচালনা কৰিছে৷ ছবিখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই৷ বিশিষ্ট সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে ছবিখনৰ ধাৰাভাষ্য প্রদান কৰিছে৷ উল্লেখ্য যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে নতুন দিল্লীত আয়োজন কৰা কার্যসূচীৰ সময়তে বিগত বর্ষৰ ২৫ নৱেম্বৰত ছবিখন প্রদর্শন কৰা হৈছিল৷ ইতিমধ্যে এই ছবিখনে কেইবাখনো আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্রীয় ছবি মহোৎসৱত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ইণ্ডিয়ান পেনোৰামালৈও পার্থসাৰথি মহন্ত পৰিচালিত ছবিখন মনোনীত হৈছে৷ চুটি ছবি আৰু তথ্যচিত্রৰ প্রচাৰ আৰু প্রসাৰৰ বাবে দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে৷ ২০১২ বর্ষত দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱৰ প্রথম সংস্কৰণ অনুষ্ঠিত হৈছে৷
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা