মহাবীৰ লাচিত বৰফুকনৰ জীৱন আৰু কর্মৰাজিৰ ওপৰত ভিত্তি কৰি নির্মাণ কৰা ছবি ‘লাচিত : দ্য ৱাৰিয়ৰ য়ে পুনৰ সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱৰ দ্বাদশ সংস্কৰণত শ্রেষ্ঠ এনিমেচন ছবিৰ সন্মান লাভ কৰিছে ‘লাচিত : দ্য ৱাৰিয়ৰয়ে৷ এই ছবিখন অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ উপ–মহাপৰিদর্শক পার্থসাৰথি মহন্তই পৰিচালনা কৰিছে৷ ছবিখন প্রযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই৷ বিশিষ্ট সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে ছবিখনৰ ধাৰাভাষ্য প্রদান কৰিছে৷ উল্লেখ্য যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে নতুন দিল্লীত আয়োজন কৰা কার্যসূচীৰ সময়তে বিগত বর্ষৰ ২৫ নৱেম্বৰত ছবিখন প্রদর্শন কৰা হৈছিল৷ ইতিমধ্যে এই ছবিখনে কেইবাখনো আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্রীয় ছবি মহোৎসৱত সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ইণ্ডিয়ান পেনোৰামালৈও পার্থসাৰথি মহন্ত পৰিচালিত ছবিখন মনোনীত হৈছে৷ চুটি ছবি আৰু তথ্যচিত্রৰ প্রচাৰ আৰু প্রসাৰৰ বাবে দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে৷ ২০১২ বর্ষত দিল্লী আন্তঃৰাষ্ট্রীয় চুটি ছবি মহোৎসৱৰ প্রথম সংস্কৰণ অনুষ্ঠিত হৈছে৷
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি