পুনৰ নীলাচলৰ বুকুত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা

0 428

এইবাৰ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। উল্লেখযোগ্য যে কভিড কেন্দ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতৰ বাবে দুবছৰ ধৰি অম্বুবাচী মেলা অনুষ্ঠিত হোৱা নাছিল।কেৱল পৰম্পৰাগত নিয়মহে পালন কৰা হৈছিল। বৰ্তমান স্বাভাৱিক অৱস্থালৈ পৰিবেশ সৃষ্টি হোৱাৰ পিছত পুনৰ চৰকাৰ প্ৰশাসনৰ লগতে মন্দিৰ কতৃপক্ষ সাজু হৈ উঠিছে।এই সম্পৰ্কে মন্দিৰ কতৃপক্ষ জনোৱা মতে কভিড‌ পৰিস্থিতি উন্নত হ’লেও অম্বুবাচীৰ সময়ত কিছু নিদেৰ্শনা থাকিব। অৱশ্যে কেনে ধৰণৰ নিদেৰ্শনা থাকিব সেই সম্পৰ্কে জনাব পৰা হোৱা নাই।22জুনৰ পৰা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.