গুৱাহটীৰ পাঞ্জাবাৰীৰ বিপনন বাণিজ্য ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগীতাত মায়ংক চক্ৰৱৰ্তীয়ে চেন্পিয়নৰ খিতাপ দখল কৰে । জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মায়ংকে নিজৰ অপতিৰোধ্য ধাৰা অব্যাহত ৰাখি ৯ খেলৰ আটাইকেইখনতে জয় লাভ কৰি এই খিতাপ অৰ্জন কৰে ।আনহাতে দবা প্ৰতিযোগীতা খনৰ প্ৰথম ৰানাৰ্চ আপৰ খিতাপ লাভ কৰে প্ৰাক্তন অসম চেম্পিয়ন ৰাজীৱ ধৰে আৰু দ্বিতীয় ৰানাৰ্চ আপ হয় । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১১২ গৰাকী চিনিয়ৰ ,জুনিয়ৰ দবাৰুৱে অংশ গ্ৰহণ কৰে অসম ৰেপিড ৰেটিং প্ৰতিযোগিতা খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চেম্বাৰ্চ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপ গোস্বামীয়ে। বিশিষ্ট অতিথি তথা খেলুৱৈ হিচাপে অংশ গ্ৰহণ কৰি মহানগৰ জিলা উপায়ুক্ত পল্লৱ ঝাই । সদৌ অসম সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতা খন পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু অনন্ত গোস্বামীয়ে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা