দুটা বিশেষ খবৰৰ আঁত ধৰি

0 257

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক ব্যতিক্ৰমী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। বৰপেটাৰ কৃতি শিক্ষক গণেশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বঙাইগাঁও জিলাৰ এগৰাকী শিক্ষক নিৰ্মল চন্দ্ৰ পাটগিৰি দেৱৰ দ্যা মিনি চুপাৰ বুক শীৰ্ষক অসমীয়া, হিন্দী আৰু ইংৰাজী তিনিটা ভাষাৰ এখন কবিতা পুথি উন্মোচন কৰা হয়। সাংবাদিক হিৰক জ্যোতি ভট্টাচাৰ্যই আঁতধৰা গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকি প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াই এক তত্ব গধুৰ ভাষণ আগবঢ়ায়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি লেখিকা মনীষা শৰ্মাই কিতাপ অধ্যয়নৰ গুৰুত্ব, সাহিত্য চৰ্চাৰ কথা ব্যক্ত কৰাৰ লগতে লিখক নিৰ্মল চন্দ্ৰ পাটগিৰি দেৱক অনাগত দিনত সাহিত্য সাধনা কৰি যাবলৈ আহ্বান জনায়। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও সাংবাদিকৰ লগতে বিভিন্নজন ব্যক্তি উপস্থিত থাকে। 

কলা, সংগীত শিক্ষাৰ যোগেদি ঐক্য, সংহতি, ভাতৃত্ববোধ প্ৰতি আগবঢ়োৱা বিশিষ্ট অৰিহণা বাবে ওস্তাদ আমজাদ আলী খানক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব সংবাদিক কমলা শইকীয়া ন্যাসে। ৯ আগষ্টত বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অৱসৰ প্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাই এই বটাঁ প্ৰদান কৰিব। এই বঁটাত আছে এক লাখ টকাৰ চেক আৰু এখন প্ৰশস্তি পত্র।

Leave A Reply

Your email address will not be published.