বঙাইগাঁও জিলা আৰক্ষী বাহিনী ,মানিকপুৰ থানাৰ আহ্বানত গাওঁৰক্ষী বাহিনীৰ সহযোগত অভয়াপুৰী উত্তৰ সমষ্টিৰ ভাণ্ডাৰাত সজাগতা সভা

0 145

অসম আৰক্ষী বাহিনীৰ নামনি অসমৰ বঙাইগাঁও জিলা আৰক্ষী বাহিনী আৰু বঙাইগাঁও জিলা গাঁওৰক্ষী বাহিনীৰ আহ্বানত মানিকপুৰ আৰক্ষী থানাৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত শিশু সুৰক্ষা,শিশুৰ অধিকাৰ আৰু বাল্য বিবাহজনিত এক সজাগতা সভা জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ভাণ্ডাৰা বজাৰত অনুষ্ঠিত হয়। প্ৰাপ্ত তথ্যমতে স্থানীয় সমাজ কৰ্মী নৰহৰি ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভাত বঙাইগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিতুমনি দাস,মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া অজয় সাহা,ভাণ্ডাৰা গাঁও পঞ্চায়তৰ সভাপতি জুৰান আলী আদিয়ে ভাষণ দি শিশুৰ অধিকাৰ আৰু বাল্য বিবাহ সম্পৰ্কত চৰকাৰী আইন মতে নিষেধ্যক্ষা সন্দৰ্ভত উপস্থিত ৰাইজক অৱগত কৰে। সভাত অংগনবাদী আৰু আশা কৰ্মী,আত্মসহায়ক গোট আৰু আমছুৰ আদি দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।

বাতৰি যুগুতালে বঙাইগাঁওৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.