সম্প্রতি বান বিধ্বস্ত গঞাক এধানি সহায়ৰ হাত আগবঢ়াবলৈ বিভিন্ন বেচৰকাৰী দল-সংগঠনে তৎপৰতা অৱলম্বন কৰি থকাৰ সমান্তৰালকৈ আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বাউসী গাওঁৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাজত কিছু সাহায্য সামগ্ৰী বিতৰণ কৰে । বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা , মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা , জনসম্পৰ্কৰক্ষী বিষয়া ভৈৰৱ বৰুৱা , মুখ্য কাৰিকৰী বাণিজ্যিক বিষয়া অতুল সান্দিল্য আৰু মুখ্য গনমাধ্যম বিষয়া ৰুমা দেৱী বাউসী গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল , আটা , চেনী , চাহপাত , বিস্কুট , গাখীৰ , আলু , নিমখ , হালধি , চিৰা , মুৰী , চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে। অনুষ্ঠানত বিশেষভাবে সহযোগিতা আগবঢ়াই গাঁও প্ৰধান নৃপেন পাটোৱাৰীয়ে।আদানী ফাউণ্ডেচনৰ এনে মহান পদক্ষেপক বাউসী গাঁৱৰ বন্যাৰ্ত গঞাই কৃতজ্ঞতা জ্ঞাপন কৰে ।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল