বস্ত্ৰ বেংক মুকলি

0 264

শুক্ৰবাৰে কামৰূপ মহানগৰ জিলাৰ সকলো বিষয়ববিয়াৰ লগতে ভালে সংখ্যক সতীৰ্থ আৰু স্হানীয় লোকৰ সহযোগত ৱাৰিয়ৰ্চ বস্ত্ৰ বেংকৰ উদ্ধোধন কৰা হয়।ৱাৰিৱৰ্চৰ উদ্যোগত অসমৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটী মহানগৰ জিলা কমিটিও আজি বস্ত্ৰ বেংক খুলিবলৈ আগবাঢ়ি আহে। এই বস্ত্ৰ বেংকত পুৰণি ব্যৱহাৰৰ উপযোগী হোৱাকৈ কোনো হৃদয়বান লোকে বস্ত্ৰ জমা কৰিব পাৰিব আৰু যি সকল লোকৰ প্ৰয়োজন হয় সেই কাপোৰ তেওঁলোকে তাৰ পৰা লব পাৰিব।
বস্ত্ৰ বেংক উদ্ধোধনী অনুষ্ঠানৰ আগ মূহুৰ্তত এখনি সাধাৰন সভা অনুষ্ঠিত কৰা হয়। সভাখনৰ আত ধৰে কামৰূপ মহানগৰ জিলাৰ সম্পাদিকা নিজৰা চেতিয়াই।সভাৰ আৰম্ভণিতে সভানেত্ৰী হেমাশ্ৰী শইকীয়া , দিগন্ত নাথ আৰু জেষ্ঠ প্ৰাইম মেম্বাৰ তথা সমাজ বন্ধু ছাজন ভূঞাক সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ পিছত সকলোৰে সহমতত সক্ৰিয় জেষ্ঠ সদস্য তথা সমাজ বন্ধু শ্ৰদ্ধাৰ ছাজন ভূঞাক কামৰূপ মহানগৰ জিলাৰ উপদেষ্টা হিচাপে বাচনি কৰা হয়। পৰৱৰ্তী কাৰ্য্যসূচীত কামৰূপ মহানগৰ জিলাৰ ৱাৰিৱৰ্চৰ লক্ষ্য উদ্দেশ্য আৰু বস্ত্ৰ বেংকৰ প্ৰয়োজন তথা উপযোগিতা লৈ উপস্হিত ৰাইজৰ আগত সাৱলীল বক্তব্য দাঙি ধৰে। সভানেত্ৰী বাখ্যাত উপস্থিত স্থানীয় বহু লোক আপ্লুত হয় আৰু তেওঁ লোকে ৱাৰিয়ৰ্চত যোগদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।ইয়াৰ পাছৰ কাৰ্যসূচী অনুসৰি কামৰূপ মহানগৰ জিলাৰ সভানেত্ৰী হেমাশ্ৰী শইকীয়াই বস্ত্ৰ বেংকৰ উদ্বোধন কৰে।ইয়াৰ পাছতেই যিখিনি লোক এযোৰ কাপোৰ পোৱাৰ আশা লৈ এই বস্ত্ৰ বেংক লৈ আগবাঢ়ি আহে তেওঁলোকৰ মাজত কাপোৰ বিতৰণ কৰা হয়।উল্লেখ্য যে বস্ত্ৰ বেংকৰ বাবে এটা দোকান ঘৰ আগবঢ়ায় পাঞ্জাবাৰী অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী সমাজ বন্ধু ছাজন ভূঞাই কামৰূপ মহানগৰ জিলাৰ বস্ত্ৰ বেংকৰ সম্পূৰ্ণ ঠিকনাটো হ’ল- বাঘৰবড়ী তিনিআলি, পাঞ্জাবাৰী গুৱাহাটী ৩৭,কামৰূপ মহানগৰ জিলা। যোগাযোগ নং :- ৯৮৬৪০৫২৫৪৪,৭৬৩৬৮০৪২৬০

Leave A Reply

Your email address will not be published.