বহুজনক সংস্থাপন দিছে-অজয় গগৈয়ে

0 297

জীৱনৰ গতি পথ বোলে ৰথৰ চকাৰ দৰে ঘূৰি থাকে।ভাল বেয়াৰ সমাহাৰ ।বেয়া দিনত ধৈৰ্য্যৰ প্ৰয়োজন হয়।যি দৰে সূৰ্য্যটো উদয় হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়, ঠিক সেইদৰে সময়ে গতি সলনি হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়।আজি যাৰ বিষয়ে জনাব বিচাৰিছো তেখেতে এসময়ত বহুত কষ্টৰে জীৱন নিৰ্বাহ কৰিছিল, এসময়ত বজাৰত চূণৰ ব্যৱসায় কৰি জীৱন যুঁজত নামি পৰিছিল আৰু বৰ্তমানে এগৰাকী সফল উদ্যমী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।তেখেত কোন জাননে? তেখেত হ’ল ডিব্ৰুগড়ৰ অজয় গগৈ।জানি সুখী হ’ব যে অজয় গগৈয়ে প্ৰায় ৪০০ নিবনুৱাক জীৱন জীৱিকাৰ সন্ধান দিবলৈ সক্ষম হৈছে ।কঠোৰ পৰিশ্ৰমৰ লগতে ভগৱানৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবে আজি এই পৰ্য্যায়ত পোৱাৰ কথা জানিবলৈ দিয়ে।উল্লেখযোগ্য যে কৃষিকৰ্মৰ পৰা আদি কৰি বিভিন্ন ব্যৱসায়ৰ লগত তেখেত জড়িত হৈ আছে , সমাজ সেৱামূলক কামও কৰে।তেখেতে কয়- ব্যৱসায় কৰিলে সততা বজাই ৰাখি চলিব লাগে ।তেহে ব্যৱসায়ত সফল হয়।এনে ধৰণৰ আৰ্দশৰে সমাজত বিশেষ আসন দখল কৰিবলৈ সক্ষম হোৱা অজয় গগৈ বহুজনৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰৱক।

Leave A Reply

Your email address will not be published.