বিত্তমন্ত্রী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয় যে বাজেটত নতুন পথ, দলং আৰু বিমান সংযোগৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন আৰু উন্নত সংযোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব। আনহাতে চৰকাৰে যথেষ্ট পুঁজি আৱণ্টন দি এই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তিনি হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ পদক্ষেপ আন এক উল্লেখযোগ্য দিশ। শৰ্মাই লগতে কয় যে গোপীনাথ বৰদলৈ পথত ওপৰত চাৰি লেনৰ পথ, চাইকেল ফেক্টৰীত ফ্লাইঅভাৰ,ফটাশিল চাৰিআলি আৰু ডাউনটাউন হস্পিটেলৰ ওচৰত ফ্লাইঅভাৰ,জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ ওচৰত ফ্লাইঅভাৰ, কামাখ্যা মন্দিৰলৈ বিকল্প উন্নত পথ,দীপৰ বিলৰ ওচৰত হাতীৰ আণ্ডাৰপাছ আদি বহু কেইটা আদৰণীয় পদক্ষেপ বাজেটত উল্লেখ কৰা হৈছে। সেইদৰে ডিফু ষ্টেডিয়ামৰ পৰা ডিফুৰ মুখ্য ডাকঘৰলৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ’ব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পক স্বাগতম জনাই শৰ্মাই কয় যে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্রত বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সেইদৰে পলাশবাৰীক শুৱালকুছিৰে সংযোগ কৰাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৩১৯৭.২০ কোটি টকাৰ বাবে অনুমোদন জনোৱা হৈছে আৰু অতি সোনকালেই কাম আৰম্ভ হ’ব। শৰ্মাই লগতে কয় যে অসম চৰকাৰে স্বনিয়োজন আৰু উদ্যোগক বিশেষভাৱে সমৰ্থন কৰিছে। অষ্টাদশ মুকুতাৰ উন্নয়ন মালাৰ জৰিয়তে এম এছ এম ই খণ্ডক উদগনি যোগোৱা হৈছে আৰু যাৰ উদ্দেশ্য হৈছে বি পি এল পৰিয়াল আৰু নিম্ন আয়ৰ পৰিয়ালৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ ঘটোৱা। বাজেটত ব্যক্তিগত খণ্ডত স্ব-নিয়োজনত গুৰুত্ব দিছে। এই আঁচনিৰ অধীনত ব্যৱসায়, উৎপাদন, সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত, হস্তশিল্প, কৃষি আৰু সহযোগী, পশুপালন, মীন পালন আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যক সমৰ্থন কৰা হ’ব।আনহাতে চৰকাৰে এক লাখ যোগ্য হিতাধিকাৰীক সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। যিসকলক অহা তিনি বছৰত মাইক্ৰ’এণ্টাৰপ্ৰাইজ ইউনিট আৰম্ভ কৰাৰ বাবে এককালীন সাহাৰ্য হিচাপে ২ লাখ টকা প্ৰদান কৰিব। ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা আন্তঃগাঁথনিয়ে ৰাজ্যখনৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি শৰ্মাই সদৰি কৰে। বাজেটত সৌৰ শক্তিক উৎসাহিত কৰা হৈছে। আনহাতে গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্রত বাজেটত অনলাইন ব্যৱস্থাৰ কথা কোৱা হৈছে। ইয়াক বিশেষভাৱে আদৰণি জনাই শৰ্মাই কয় যে অনলাইন বিল্ডিং অনুমতি ব্যৱস্থাটো সময়ৰ অতি প্ৰয়োজনীয়তা।ইমান বছৰ কাগজত থকাৰ পিছত চৰকাৰে অৱশেষত ইয়াৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে। যাৰ বাবে চৰকাৰক অভিনন্দন জনাই শৰ্মাই কয় যে ইয়াৰ দ্বাৰা দুৰ্নীতি-অনিয়ম নোহোৱা হ’ব। বাজেটত পৰ্যটন খণ্ডৰ ওপৰত দিয়া গুৰুত্বক আদৰণি জনাই শৰ্মাই কয় যে ৰিয়েল ইষ্টেট বিকাশকাৰী হিচাপে আমি পৰ্যটনৰ বাবে মূল আন্তঃগাঁথনিৰ বিকাশত নিজৰ বাবে বিশাল সম্ভাৱনা দেখিছোঁ। মুখমন্ত্ৰী আৱাস যোজনাৰ বাবে এক লাখ হিতাধিকাৰী সামৰি ল’বলৈ বাজেটত ৮০০ কোটি টকা আৱণ্টন দিয়া হৈছে। শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত প্ৰাপ্ত সকলো আৱেদনৰ নিষ্পত্তিৰ ওপৰত গুৰুত্ব দিয়া, এন চি গাওঁসমূহৰ জৰীপ আৰু নিষ্পত্তি সম্পূৰ্ণ কৰা, ৰাজ্যজুৰি গাওঁ আৰু চৰকাৰী ভূমিৰ পুনৰ জৰীপ সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ অগ্ৰগতি,ভূমি ধাৰকসকলক তেওঁলোকৰ কাৰ্যালয় আৰু ঘৰৰ আৰামৰ পৰা ভূমি ৰাজহ পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰা আৰু ৰাজ্যজুৰি ডিজিটেল ষ্টেম্পিং সম্পূৰ্ণৰূপে আৰম্ভ কৰাটো প্ৰথম বাৰৰ বাবে দেখা গৈছে। এনেবোৰ পদক্ষেপৰ বাবে অসম চৰকাৰ ধন্যবাদৰ পাত্র বুলি শৰ্মাই কয়।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls