নিৰাময়ৰ উদ্যোগত আৰু জ্ঞানদ্বীপ যুৱক সংঘৰ সহযোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দ্বাৰা আজি ইংৰাজী ২৩ জুলাইত বামুনীগাঁও (কামৰূপ) বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু নেত্ৰদানৰ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ আত ধৰে সংঘৰ উপদেষ্টা মনোজ দাস। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰাময়ৰ সভাপতি কুশল ডেকাই। উক্ত সভাত নেত্ৰদানৰ সজাগতাৰ বাবে বক্তৃতা প্ৰদান কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেত্ৰভাণ্ডাৰৰ বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মাই। সজাগতা সভাৰ শেষ হোৱাৰ পিছত আৰম্ভ হয় বিনামূলীয়া চকু চিকিৎসা শিবিৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৫ জনীয়া চিকিৎসকৰ দল ক্ৰমে ডা: ছেমিম চুলতানা, ডা: পায়েল সিংঘলা, ডা: পুজা দেৱী, ডা: নবাৰুণ ধৰ আৰু ৰিংছৰ বাগলাৰী ডাঙৰীয়াই বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় লগতে বিনামুলীয়া চকুৰ ঔষধ আৰু মাল্টিভিটামিন বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটিতে কিছু সংখ্যক লোকে মৰণোত্তৰ ভাবে নেত্ৰদানৰ সন্মতি পত্ৰত স্বাক্ষৰ কৰে। এই ছেগতে অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ বাবে জ্ঞানদ্বীপ যুৱক সংঘৰ সভাপতি সম্পাদক তথা সকলো সদস্যৰ সহায় -সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ