বিষ্ণু ৰাভা দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত ভিন্ন প্ৰতিযোগিতা

0 423

আজি কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আগন্তুক বিষ্ণু ৰাভা দিৱস উপলক্ষে চিত্ৰাংকন আৰু বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়।

চিত্ৰাংকন প্ৰতিযোগিতাখন ১২ বছৰ বয়সলৈ দুটি শাখাত অনুষ্ঠিত হোৱাৰ বিপৰীতে বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাখন সকলো বয়সৰ প্ৰতিযোগীৰ বাবে মুকলি আছিল।মহানগৰীৰ ভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈ নিজৰ প্ৰতিভাক দাঙি ধৰে।

অহা ২০ জুনত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত হ’বলগীয়া সভাত বিজয়ীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব বুলি উদ্যোক্তাসকলে সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.