বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ বাসগৃহলৈ গৈ শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 228

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আকস্মিক গ্ৰেনেড আক্ৰমণত নিহত চি আৰ পি এফৰ জোৱান মৃত্যুঞ্জয় চুতীয়াৰ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ গেলুৱা গাঁৱস্থিত বাসগৃহলৈ গৈ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণেৰে গভীৰ শ্ৰদ্ধা নিবেদন কৰে।মুখ্যমন্ত্ৰীয়ে বীৰ শ্বহীদ গৰাকী পিতৃ-মাতৃ তথা আত্মীয় স্বজনৰ সৈতে মত-বিনিময় কৰাৰ উপৰিও শ্বহীদ গৰাকীৰ পিতৃৰ হাতত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ২০ লাখ টকাৰ এককালীন সাহাৰ্য্যৰ চেক প্ৰদান কৰে।
ইয়াৰ পিছতে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত থকা সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ বৃহত্তৰ স্বাৰ্থত বীৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়াই আত্মবলিদান দিলে।সমগ্র ভাৰত বাসীৰ লগতে অসমবাসীৰ আজি এই শ্বহীদ গৰাকীৰ বাবে গৌৰৱাম্বিত।ত্যাগ আৰু বীৰত্বৰ শক্তিশালী আদৰ্শ প্ৰতিষ্ঠা কৰি যোৱা শ্বহীদ গৰাকী সদায়ে অমৰ হৈ থাকিব বুলি তেওঁ কয়। শ্বহীদ গৰাকীৰ আদৰ্শৰে আমাৰ নতুন প্ৰজন্মই দেশৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে কাম কৰি যাবলৈ প্ৰেৰণা লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।শ্বহীদৰ তেজ কেতিয়াও অথলে নাযায় বুলি উল্লেখ কৰি এই ত্যাগে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বদেশ প্ৰেমৰ আদৰ্শৰে উদ্বুদ্ধ দিশত প্ৰেৰণা যোগাব বুলিও কয়।
আনহাতে মুখ্যমন্ত্ৰীয়ে শ্বহীদ গৰাকীৰ সপোন অনুসৰি তেখেতৰ সমাধি কাষতে এখন শিশু উদ্যান নিৰ্মাণ কৰি শ্বহীদ গৰাকী নামেৰে নামাকৰণ কৰিবলৈ ধেমাজি জিলাৰ উপায়ুক্তক আজি নিৰ্দেশ প্ৰদান কৰে।শ্বহীদ গৰাকী গৃহত উপস্থিত হোৱা সময়ত মুখ্যমন্ত্ৰী সৈতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন্ত,মন্ত্ৰী সঞ্জয় কিষাণ,বিধায়ক তেৰচ গোৱালা,ধেমাজি জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষককে ধৰি গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.