অসম আৰক্ষীয়ে কিছুদিন পূৰ্বে জব্দ কৰা শ শ কিলো ড্ৰাগছ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ দৃশ্য হয়তো আপোনাৰ মনত আছে। এই কাৰ্যৰ প্ৰতি দল সংগঠন নিৰ্বিশেষে আগবঢ়াইছিল সমৰ্থন। কিন্তু এইবাৰ দীৰ্ঘদিনৰে পৰা চোৰাং চিকাৰীৰ পৰা জব্দ কৰা তথা উদ্ধাৰ কৰি জমা কৰি থোৱা গঁড়ৰ খৰ্গ সমূহ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । আজি ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহ কৰিব বোকাখাটৰ ৰাজহুৱা খেলপথাৰত । গঁড়ৰ খৰ্গ দহন প্ৰস্তুতি পৰ্ব তুংগত উঠিছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দহন কৰিব গঁড়ৰ খৰ্গ ৷ পোনপ্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে আয়োজন কৰা গঁড়ৰ খৰ্গ দহনৰ প্ৰস্তুতিৰ অংশ হিচাপে বিগত সময়চোৱাত চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা গঁড়ৰ খৰ্গসমূহ সোমবাৰে ৰাজ্যৰ বিভিন্ন কোষাগাৰৰ পৰা ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰালৈ লৈ যোৱা হয় ৷ সেইমৰ্মে মৰিগাঁও জিলা কোষাগাৰত জমা হৈ থকা ৫৩ টা গঁড়ৰ খৰ্গ সোমবাৰে ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰালৈ নিয়াৰ ব্যৱস্থা কৰা হয়।আৰক্ষী, চি আৰ পি, শীৰ্ষ বনবিষয়া আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত মৰিগাঁও জিলা কোষাগাৰৰ পৰা কাজিৰঙাৰ কঁহৰালৈ কটকটীয়া স্থানান্তৰ কৰা হয় গঁড়ৰ খৰ্গকেইটা।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta