বোকাখাতৰ গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থী সকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সকাহ দি ২০০০ চনতে প্ৰতিষ্ঠা হোৱা নুমলীগড় জুনিয়ৰ কলেজত আজি বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পূৰ্বৰ সভাৰ সিদ্ধান্ত অনুসৰি ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বোধেশ্বৰী বৰাক জুনিয়ৰ কলেজখনৰ অধ্যক্ষা হিচাপে নিযুক্তি দিয়া হয়। পৰিচালনা সমিতিৰ সভাপতি যাদৱ হাজৰিকা, উপ সভাপতি প্ৰীতি ৰঞ্জন বৰুৱা, উপদেষ্টা ধনীৰাম কুৰ্মি, বিষয় শিক্ষয়িত্ৰী উষাজোন ফুকন, নিভা শইকীয়া, মমী সেনৰ লগতে পৰিচালনা সমিতিৰ সদস্য সকলৰ উপস্থিতিত পৰিচালনা সমিতিৰ সম্পাদক অমৰ শৰ্মাই আঁত ধৰা সভাত নৱ নিযুক্ত অধ্যক্ষাক ফুলাম গামোচাৰে আদৰণি জনায়। সভাত অধ্যক্ষা বোধেশ্বৰী বৰাৰ লগতে পৰিচালনা সমিতিৰ সদস্য, শিক্ষক সকলে নিজা বক্তব্য আগবঢ়ায়।উল্লেখ্য যে এই বৰ্ষত পাঁচজন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ, চাৰি গৰাকীয়ে দ্বিতীয় বিভাগ সহ সকলো ছাত্র ছাত্ৰী উত্তীৰ্ণ হয়। পৰিচালনা সমিতিয়ে শিক্ষক সকলৰ শলাগ লয়।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ