ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো আদানী গ্রুপক গতাই চমজাই বিমান বন্দৰ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে ভি আই পিত বিমান বন্দৰ সংযোগী পথত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে । অহা ১৬ আগষ্টলৈকে সপ্তাহজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা গণ স্বাক্ষৰ অভিযানত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকদ্বয় ৰাজীৱ ভট্টাচাৰ্য আৰু প্ৰিন্স ফাইজুল হক , প্ৰচাৰ সম্পাদক দেৱজিৎ অধিকাৰী , কামৰূপ মহানগৰ জিলা কমিটিৰ সভাপতি সঞ্জীৱ বৰা , জাতীয় নাৰী শক্তিৰ কামৰূপ মহানগৰ জিলা কমিটিৰ সভানেত্ৰী দুলুমণি গগৈকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে । অৱশ্যে কাৰ্যসূচী চলি থকাৰ মাজতেই মহানগৰ আৰক্ষী বা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ আগতীয়া অনুমতি নোলোৱাকৈ গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা বাবে স্থানীয় আজাৰা আৰক্ষীয়ে বাধা প্ৰদান কৰে । আজাৰা সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতিৰ নেতৃত্বত , আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন চন্দ্ৰ কলিতা , বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কলিতাসহ এটা আৰক্ষী – চি আৰ পি এফৰ দল কাৰ্যসূচী চলি থাকে সময়তে উপস্থিত হয় আৰু যাবতীয় অনুমতি অবিহনে কাৰ্যসূচী অনুষ্ঠান কৰাৰ অভিযোগ তুলি কাৰ্যসূচীত বাধা প্ৰদান কৰে । ইয়াৰ পূৰ্বে গণ স্বাক্ষৰ কাৰ্যসূচীত ভাগ লোৱা নেতা সকলে দেশৰ অন্যতম লাভজনক বিমান বন্দৰ হিচাপে পৰিগণিত হৈ অহা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো ব্যক্তিগতকৰণৰ লক্ষ্যৰে আদানী গ্রুপক গতাই দিয়াৰ বাবে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি অসমৰ আৱেগ জড়িত থকা বিমান বন্দৰটো ব্যক্তিগত কৰণৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় । বিশেষকৈ ব্যক্তিগতকৰণ হলে বিমান বন্দৰৰ কাষৰীয়া অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জীৱন জীৱিকালৈ ভাবুকি আহিব বুলি নেতা সকলে তথ্য সহকাৰে দাঙি ধৰে । ইফালে বিমান বন্দৰ আদানী গ্রুপক গতাই দিয়াৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান চলি থকাৰ মাজতে সোমবাৰে আদানী গ্রুপৰ ফালৰ পৰা এটা দলে দুমাহৰ বাবে পৰীক্ষামুলক ভিত্তিত বৰঝাৰ বিমান বন্দৰত আহি বাঁহৰ পাতে । পূৰ্ৱ নিৰ্ধাৰিত সূচী অনুসৰি আদানী গ্ৰুপে দুমাহ অৰ্থাৎ অহা ৯ অক্টোবৰলৈ বৰঝাৰ বিমান বন্দৰত পৰীক্ষা মূলকভাৱে বাঁহৰ পাতিব । তাৰ পাছতে ৯ বা ১০ অক্টোবৰত বৰঝাৰ বিমান বন্দৰটোৰ পৰিচালনাৰ দায়িত্বভাৰ আদানী গ্ৰুপে চমজি ল`ব ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram