মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ “কাব্যকু়ঞ্জ”ত আজি বিশিষ্ট লেখক, গীতিকাৰ শচীন দাসৰ নৱতম গ্ৰন্থ “ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰতীতি” শুভ উন্মোচন কৰি বিশিষ্ট সংগীত শিল্পী কমল কটকীয়ে কয়- ভূপেন হাজৰিকাই সকলো স্তৰৰ লোকৰ বাবে গীত লিখিছিল। সমাজ সচেতনতাৰ পৰা প্ৰেম-প্ৰীতি, সুখ-দুখ, বিষাদ, বিধবা বিবাহ আদিৰ বিষয়ে গীত ৰচিছিল। অসম, উত্তৰ-পূৱৰ প্ৰতিটো ভূমিপুত্রৰ কাৰণে লিখিছিল। সমন্বয় গঢ়িবলৈ তেখেত আশাবাদী। সোণালী সুদিন ঘূৰাই আনিবৰ বাবে বহু অহোৰাত্ৰী গীত গাই ৰাইজক জগাই তুলিছিল। শচীন দাসৰ ভূপেন হাজৰিকাৰ বিষয়ে লিখা গ্ৰন্থখনিয়ে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব। গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্মই অতিথিৰ ভাষণত কয়- অসমখনক আগুৱাই নিবৰ বাবে ভূপেন দাই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছিল। অসমৰ ভাষা-সাহিত্য-সংস্কৃতি, অৰ্থনীতি আদিৰ বিকাশৰ বাবেও অহোপুৰুষাৰ্থ কৰিছিল। অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰী সঞ্চালক, গীতিকাৰ-সুৰকাৰ অৱনী ৰঞ্জন পাঠকে অতিথিৰ ভাষণত কয়- পাহাৰ-ভৈয়াম, জাতি-জনজাতি আদি প্ৰতিজন অসমৰ মানুহৰ বাবে ভূপেন হাজৰিকাই গীত লিখি, কন্ঠ নিগৰাই, মানুহে মানুহৰ বাবে থকা দায়বদ্ধতা প্ৰকাশ কৰিছিল। “বহুবাক”ৰ প্ৰধান সম্পাদক, লেখক, সাংবাদিক দীপক শৰ্মা ই আত ধৰি কয়- ভাৰতৰত্ন, সংগীতৰত্ন ড০ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে হ’লেও সাহিত্যৰ নৱেল বঁটা প্ৰদান কৰিব লাগে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো দল-সংগঠনে আগবাঢ়ি আহি জনমত গঠন কৰিব লাগে। সভাত অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক তথা নাট্যকাৰ গিৰিধৰ ৰয়, লেখক শচীন দাস, ব্যৱসায়ী গগন চন্দ্র ডেকা প্ৰভৃতিয়ে ভাষণ দিয়ে।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls