মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৬৪ সংখ্যক ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত এইবেলি ছয়দিনীয়া বৰ্ণময় কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী বিহুৰ কালি অনুষ্ঠিত মুকলি বিহুৰে সামৰণি পৰে । উল্লেখ্য যে কাৰ্যসূচী অনুসৰি ১৪ এপ্ৰিলৰ পুৱা ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ পতাকা আৰু বিহু পতাকা আনুষ্ঠানিক ভাৱে উত্তোলন কৰে ক্ৰমে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সভাপতি অশোক ঠাকুৰীয়া আৰু ধাৰাপুৰ তালুকৰ প্ৰাক্তন সভাপতি ধনেশ্বৰ কলিতাই । ইয়াৰ পিছত শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে সন্মিলনীৰ কাৰ্যকৰী সভাপতি ক্ৰমে তপন দাস আৰু ধাৰাপুৰ তালুকৰ প্ৰাক্তন সভাপতি সত্য ভৰালীয়ে । জ্যেষ্ঠ নাগৰিক সম্বৰ্ধনা অনুষ্ঠানৰ পিছত খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে সন্মিলনীৰ উপ-সভাপতি অতুল মেধিয়ে । ১৫ এপ্ৰিলত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ১৬ এপ্ৰিলত অনুষ্ঠিত মুকলি ভেশচন প্ৰতিযোগিতা উদ্বোধন কৰে ক্ৰমে সন্মিলনীৰ উপ-সভাপতি ফজুল হক আৰু ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উৎপল শৰ্মাই । ১৭ এপ্ৰিলত অনুষ্ঠিত হয় সুঁৱৰি উৎসৱ । কালি সন্ধিয়া ধাৰাপুৰ স্কুল খেলপথাৰত অনুষ্ঠিত মুকলি বিহু আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মণীষা ভট্টাচাৰ্যই আৰু বন্তি প্ৰজ্বলন কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্তই । প্ৰায় দুই সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত মুকলি বিহু অনুষ্ঠানত কেবাটাও বিহু হুঁচৰি দল আৰু জনজাতীয় সাংস্কৃতিক গোষ্ঠীয়ে বাৰেৰহনীয়া নৃত্য পৰিবেশন কৰি অনুষ্ঠানটো বৰ্ণময় কৰি তোলে । আনহাতে অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে আজাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ চন্দ্ৰ নাথ, ধাৰাপুৰ গাওঁ পঞ্চায়তৰ সচিব চফিক আলী মিৰ্জা । ইপিনে ২৯ এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ নৱ প্ৰজন্মৰ জনপ্ৰিয় সংগীত শিল্পী আচুৰ্য বৰপাত্ৰকে ধৰি কেবাগৰাকী নবীন-প্ৰবীণ শিল্পীয়ে সংগীত পৰিৱেশন কৰিব।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ