গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ অহা ২৫ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব। প্ৰায় ৫০ খন দেশৰ ১০৮ খন চিনেমা মহোৎসৱত প্ৰদৰ্শিত হ’ব। মহোৎসৱত উদ্বোধনী অনুষ্ঠানত প্ৰসিদ্ধ চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ ভগা খিৰিকীয়ে শীৰ্ষক চিনেমাখনৰ প্ৰিমিয়াৰ উন্মোচন হ’ব।আজি জ্যোতিচিত্ৰবনত চিনেমাখনৰ পোষ্টাৰ উন্মোচন কৰি পৰিচালক জাহ্নু বৰুৱাই কয় যে প্ৰতিখন ভগা খিৰিকীত একোটা কাহিনী থাকে। এই ভগা খিৰিকী নামৰ চিনেমাখনৰ জৰিয়তে অসমৰ বহুতো অকথিত কাহিনী প্ৰতিফলিত কৰা হৈছে। পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি মধু চোপ্ৰাই কয় যে অসমীয়া অভিনেতা পৰিচালকসকল খুবেই টেলেণ্টেড। ভগা খিৰিকীত জেৰিফা ৱাহিদে সুন্দৰ অভিনয় কৰিছে। আশা কৰিছো সমূহ দৰ্শকে চিনেমাখন আদৰি ল’ব।চিনেমাখন অসমৰ লগতে দিল্লী, বোম্বাইত প্ৰদৰ্শিত হ’ব।ভগা খিৰিকীৰ পোষ্টাৰ মুকলি অনুষ্ঠান উপস্থিত থাকি জ্যোতি চিত্ৰবনৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে মধু চোপ্ৰাই আঞ্চলিক ভাষাৰ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত শেহতীয়াকৈ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। এই চিনেমাখন ব্যৱসায়িকভাৱে ২৬ অক্টোবৰত মুকলি কৰা হ’ব। উল্লেখযোগ্য যে চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ লগত সংগতি ৰাখি মহোৎসৱত অংশ গ্ৰহণ কৰাৰ বাবে প্ৰায় ১৬ খন এচিয়ান দেশক আমন্ত্ৰণ কৰা হৈছে। অনুষ্ঠানত চলচিত্ৰপ্ৰেমী বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ