অসমত অসমীয়া তথা খিলঞ্জীয়া ভাষাসমূহৰ বিকাশ আৰু বিস্তৃতিৰ বাবে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত অসমীয়া মাধ্যমৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে অসমীয়া ভাষাৰ আন্দোলন গঢ়ি তোলা হ’ব।গতিকে এই ক্ষেত্ৰত সবল শক্তিশালীভাৱে অসমৰ জনসাধাৰণে অসম সাহিত্য সভাৰ হাত শক্তিশালী কৰি তুলিব লাগিব ।অলপতে কামৰূপ টপাৰ পথাৰৰ ডক্টৰ জাকিৰ হুছেইন খেলপথাৰত লুইতপৰীয়া শিশুৰ বিকাশ পৰিষদৰ উদ্যোগত আয়োজিত দ্বাদশ বাৰ্ষিক শিশু মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পৰমানন্দ ৰাজবংশী এইদৰে কয়।পৰিষদৰ সভাপতি চামিল এম চামছুল আলম ভূঞাৰ পৌৰাহিত্যত অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহণ কৰি অসম চৰকাৰৰ অধীনস্থ বিদ্যালয়বোৰত নতুন পৰিকল্পনাৰে প্ৰস্তাৱিত আদৰ্শ জাতীয় বিদ্যালয়ৰ সংসদৰ আৰ্হিত প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰয়োজন অনুসৰি স্থাপন কৰা হ’ব বুলি উল্লেখ কৰে।কোৰাণ পাঠৰে শুভাৰম্ভ হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লুৰিন জ্যোতি গগৈয়ে অসমত অবৈধ বাংলাদেশী চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত ব্যাপক কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।অনুষ্ঠানত কামৰূপ জিলা ছাত্ৰ সন্থা,ছয়গাও আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা