ভূটানৰ প্ল্যান্টৰ পৰা অক্সিজেন লাভ কৰিব অসমে

0 212

ক`ৰণাৰ ভয়াবহ সংক্ৰমণৰ ৰূপ ধাৰণ কৰাৰ সময়তে দেশজুৰি অক্সিজেনৰ নাটনিৰ খবৰে দেশ তথা অসমৰ জনসাধাৰণকো উদ্বিগ্ন কৰি তুলিছে।
কিন্তু ইয়াৰ মাজতে আহিছে এক সুখবৰ।দেওবাৰে দিনৰ ভাগত অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ইষ্টাৰ্ণ ভূটানৰ চামদ্ৰুপ ঝংখাৰত উপস্থিত হয়।তেওঁলোকে যোৱা বৰ্ষত কোভিড মহামাৰীৰ সময়ত ভূটান ৰাষ্ট্ৰৰ চামদ্ৰুপ ঝংখাৰত নিৰ্মাণৰ কাম আৰম্ভ কৰা অক্সিজেন প্ল্যান্টটো পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।
উল্লেখযোগ্য যে যোৱা বছৰ লকডাউনৰ বাবে এই অক্সিজেন প্ল্যান্টটোৰ নিৰ্মাণৰ কাম বন্ধ হৈ আছিল। প্ল্যান্টটো পৰিদৰ্শন কৰি মন্ত্ৰী পীষুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে তামুলপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে এই অক্সিজেন প্লান্টটো সম্পূৰ্ণ হৈ উঠিবলৈ আৰু প্ৰায় ৪০ দিন সময় লাগিব।অক্সিজেন প্ল্যান্টটো সম্পূৰ্ণ হৈ উঠিলে প্ৰতি দিনে ৫০ মেট্ৰিক টন অক্সিজেন উৎপন্ন হ`ব আৰু তেতিয়া দেশত অক্সিজেনৰ অভাৱ বহুলাংশে লাঘৱ হ`ব।
যি সময়ত মহামাৰী ক`ৰণাৰ ভয়াবহ সংক্ৰমণৰ সময়ত দেশজুৰি অক্সিজেনৰ যি নাটনিৰ খবৰে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে, সেই সময়তে স্বাভাৱিকতে এনে খবৰে ৰাজ্যবাসীলৈ আশাৰ বতৰা কঢিয়াইছে।

Leave A Reply

Your email address will not be published.