সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত ভূৰাপাৰা মইনা পাৰিজাতে আজি অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান) উত্তীৰ্ণ বাৰ গৰাকীকৈ কীৰ্তিমান শিক্ষাৰ্থীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে ভূৰাপাৰা মইনা পাৰিজাতৰ মইনা তথা মাধৱদেৱ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ জোনমণি কলিতাৰ সভাপতিত্বত সভাৰ কাৰ্যসূচী আৰম্ভ হয়। ভূৰাপাৰাৰ মাঁ কালি মন্দিৰৰ সভাগৃহত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক বিমল শৰ্মাই ভূৰাপাৰা অঞ্চলত শিশুসকলৰ মাজত বৌদ্ধিক-সাংস্কৃতিক চিন্তা-চৰ্চা গঢ় দিয়াত মইনা পাৰিজাতৰ বিষয়ববীয়াসকলে লৈ অহা ভূমিকাক ভূয়সী প্ৰশংসা কৰে। সাংবাদিক শৰ্মাই কীৰ্তিমান শিক্ষাৰ্থী সকলক নিজৰ জন্মভূমিৰ স্বকীয়তা অক্ষুন্ন ৰাখি নিজকে এজন সৎ নাগৰিক হিচাপে গঢ় দিবলৈ আহ্বান জনায়। সাংবাদিক শৰ্মাই ভূৰাপাৰা মইনা পাৰিজাতৰ মইনা সকললৈ দুবছৰ বিনামূলীয়াকৈ তিনিখনকৈ শিশু আলোচনী ক্ৰমে মুকুতা-মৌচাক-সঁফুৰা আগবঢ়াই যাব বুলিও ঘোষণা কৰে। ভূৰাপাৰা মইনা পাৰিজাতৰ সম্পাদক জীতেন্দ্ৰ কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ভূৰাপাৰা অঞ্চলৰ কণ কণ মইনাসকলে যাতে ভৱিষ্যতে একো একোগৰাকী সু-নাগৰিক হৈ প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰবাবে আহ্বান জনায়। আজিৰ সম্বৰ্ধনা সভাত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীৰ্ণ উদ্দীপ্ত প্ৰতীম দাস (ষ্টাৰ), জ্যোতিৰ্ময় কলিতা (প্ৰথম), সৌৰভ কলিতা (প্ৰথম) আৰু কবীৰ কুমাৰ দাস (প্ৰথম)ৰ লগতে কলা শাখাত ভাস্বতী দাস ( ডিষ্টিংচন), স্নেহা দাস, মানসজ্যোতি দাস, শংকৰজ্যোতি দাস, অমৰ দাস, ডলি দাস, ৰুবুল দাস আৰু অঞ্জন দাসক গছৰ পুলি আৰু প্ৰশংসা-পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভূৰাপাৰা মইনা পাৰিজাতৰ সভাপতি দিলীপ কুমাৰ দাস, সম্পাদক জীতেন্দ্ৰ কলিতা, উপদেষ্টা ৰামেশ্বৰ দাস, পৰিচালকমণ্ডলী প্ৰণিতা দাস, অমিয় কুমাৰ দাস, ধীৰাজ কুমাৰ দাস, বিদ্যুৎ কলিতা, অমূল্য দাস, মৃদুস্মিতা দাস, উৎপল কলিতাৰ লগতে অৰ্ধশতাধিক মইনা, অভিভাৱক আৰু অঞ্চলবাসী ৰাইজ উপস্থিত আছিল।
Trending
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন