ভোলা কটকীলৈ জামুগুৰি ৰত্ন বঁটা ঘোষণা

0 208

প্ৰবীণ নাট্যশিল্পী ভ্ৰাম্যমাণৰ পিতামহস্বৰূপ ভোলা কটকীলৈ জন্মস্থান বৃহত্তৰ জামুগুৰিবাসী ৰাইজে তেখেতৰ অনবদ্য সাংস্কৃতিক বৰঙনিৰ প্ৰতি স্বীকৃতি জনাই “জামুগুৰি ৰত্ন” বঁটা ঘোষণা কৰে ৷ আন্ত:ৰাষ্ট্ৰীয়, সামাজিক, সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম উন্মেষৰ লগতে জাগৰণ মহিলা সমিতি, জাগৰণ য়ুথ ক্লাৱ, ড্ৰীম ৯২ ৰ সৌজন্যত জামুগুৰিকে মুখ্য কৰি দেশ-বিদেশৰ পঞ্চাশৰো অধিক সংগঠনে প্ৰবীণ নাট্যকাৰগৰাকীলৈ আগবঢ়োৱা এই সন্মানৰ অনুষ্ঠানত সহযোগিতা আগবঢ়ায় ৷ প্ৰজন্ম উন্মেষৰ মুখ্য কাৰ্য্যবাহী অৰূপ শইকীয়াই কয়, “জীৱন্ত কিংবদন্তি ভোলা কটকীদেৱ এই সন্মানৰ সঁচাকৈয়ে যোগ্য আৰু সমগ্ৰ অসমত জামুগুৰিবাসীক গৌৰাৱাম্বিত কৰাৰ কাৰণে কৃতজ্ঞ জামুগুৰিবাসীৰ এয়া সৰ্বশ্ৰেষ্ঠ স্বীকৃতি৷

দেশে বিদেশে কৰা ইংৰাজী ভাওনাৰ জৰিয়তে ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় মঞ্চত অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা প্ৰজন্ম উন্মেষে অসমৰ জাতীয় জীৱনৰ প্ৰতি সদায় দায়বদ্ধ হৈ কাম কৰি আহিছে । বৰ্তমান শয্যাগত শিল্পীগৰাকীক ক’ত কেনেকৈ বঁটাটো দিয়া হ’ব ঠিৰাং কৰা নাই যদিও খোল, তাল, গায়ন, বায়নৰ মাংগলিক ধ্বনিৰে তেখেতক ঘৰতে আদৰণি জনোৱা হ’ব ৷ ইয়াৰোপৰি শিল্পীজনৰ কৰ্মৰাজিৰ লগত সকলোকে পৰিচিত কৰাই দিয়াৰ কাৰণে তিনিটা প্ৰজন্মৰ বিভিন্ন জনগোষ্ঠীৰ সাতগৰাকী কণমানি যুৱতী তথা আইমাতৃয়ে জামুগুৰিহাটবাসীৰ সৰ্বশ্ৰেষ্ঠ বঁটাভাগ আগবঢ়াব ৷এই বাতৰি বিয়পি পৰাৰ লগে লগে জামুগুৰিহাটবাসী যথেষ্ট আনন্দিত হৈছে আৰু তেখেতৰ শিল্পীপুত্ৰ উদীয়মান যুৱক স্বৰাজ কটকীদেৱে প্ৰজন্ম উন্মেষ, জাগৰণ মহিলা মঞ্চ, জাগৰণ য়ুথ ক্লাৱ আৰু ড্ৰীম ৯২ আদি আটাইকেইটা সংগঠনলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰাঃৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.