মণিপুৰলৈ সাহাৰ্যৰ হাত আগবঢ়াইছে উত্তৰ পূব সীমান্ত ৰেলৱে- অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া মালবাহী ৰেল মণিপুৰত উপস্থিত

0 191

মণিপুৰ ৰাজ্যত বৰ্তমানৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনলৈ প্ৰয়োজনীয় সামগ্ৰীৰ পৰিবহন সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল।ৰাজ্য চৰকাৰৰ সহযোগত উত্তৰ পূব সীমান্ত ৰেলৱে মণিপুৰ ৰাজ্যৰ খোংচাং ষ্টেচনলৈ অত্যাৱশ্যকীয় সামগ্ৰী আৰু অন্যান্য খাদ্য সামগ্ৰী কঢ়িয়াই নিয়া এখন মালবাহী ৰেল পৰিচালন কৰিছে।প্ৰয়োজন সাপেক্ষে ৰাজ্যখনলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ প্ৰতি নিজৰ দায়বদ্ধতা পূৰণ কৰি আহিছে।উত্তৰ পূব সীমান্তৰেলৱেই মণিপুৰ চৰকাৰৰ অনুৰোধ অনুসৰি এক বিশেষ বিবেচনাৰ অধীনত ৱাগনৰ পিছমিল পুনৰ বুকিং কৰাৰ অনুমতি দিছে।

অত্যাৱশ্যকীয় আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই অনা মালবাহী ৰেলখনত ১১ টা ৱাগন আছে।মণিপুৰৰ জনসাধাৰণৰ বাবে ধুপগুড়ীৰ পৰা ০২ ৱাগন আলু, আজাৰাৰ পৰা ০৩ ৱাগন চেনী আৰু নিউ গুৱাহাটীৰ পৰা ০৬ খন এফএমচিজি সামগ্ৰীৰ সৈতে ৱাগন লোড কৰা হৈছিল। লোড কৰা এই সামগ্ৰীসমূহ খোংচাংলৈ সৰবৰাহ কৰা হয়। ২০২২ চনত এই ষ্টেচনটো জিৰিবাম-ইম্ফল নতুন ৰেলপথ প্ৰকল্পৰ এক অংশৰূপে স্থাপন কৰা হৈছিল।

মণিপুৰৰ মুখ্যমন্ত্ৰী শবী এন বীৰেন সিং, (পিডব্লিউডি আৰু ৱাইএএছ) শ্ৰী গোবিন দাস কন্থৌজাম, মাননীয় মন্ত্ৰী (জল সম্পদ আৰু সাহায্য আৰু ডিএম)শ্ৰী আৱাংবো নিউমাই, (পৰিবহন, পশু চিকিৎসা আৰু এএইচ)শ্ৰী খাছিম ভাচুম আৰু ৰাজ্য চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে খোংচাং ষ্টেচনত মালবাহী ৰেলখনৰ আদৰণি জনায়।

মণিপুৰস্থিত ব্যৱসায়ীসকলে ৰে’লৱেৰ জৰিয়তে সামগ্ৰী বুক কৰাৰ সুবিধাৰ্থে ইম্ফলত এজন মাৰ্কেটিং ইন্সপেক্টৰ তেওঁলোকৰ বুকিঙত সহায় কৰাৰ বাবে) বিশেষভাৱে নিয়োগ কৰা হৈছে। ব্যৱসায়ীসকলৰ যিকোনো সহায়ৰ বাবে মাৰ্কেটিং ইন্সপেক্টৰজন ২৪ ঘণ্টা উপলব্ধ থাকিব।

উত্তৰ পূব সীমান্ত ৰেলৱেই গ্ৰহণ কৰা পদক্ষেপসমূহ বৰ্তমানৰ পৰিস্থিতিত মণিপুৰৰ জনসাধাৰণৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি আশা কৰা হৈছে। সংকটৰ সময়ত মণিপুৰ ৰাজ্যলৈ সকলো সম্ভৱ সহায় আগবঢ়াবলৈ উত্তৰ পূব সীমান্ত ৰে’লৱেই সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

Leave A Reply

Your email address will not be published.