গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আৰু ৰূপালীম সাহিত্য সমাজৰ যুটীয়া উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগত আয়োজন কৰা বছৰযোৰা বক্তৃতানুষ্ঠানৰ চতুৰ্থলানি প্ৰয়াত দ্বীপেন্দ্ৰ নাথ শৰ্মা স্মাৰক বক্তৃতা অলপতে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় । আনহাতে “অসমত বিজ্ঞান গৱেষণাৰ ক্রমবিকাশ আৰু গুৱাহাটী বিশ্ববিদ্যালয়” শীৰ্ষক বক্তৃতানুষ্ঠানটো উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সোণেশ্বৰ শৰ্মাই । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ডঃ প্ৰশান্ত শৰ্মাই আঁত ধৰা অনুষ্ঠানটো উদ্ধোধন কৰি ডঃ সোণেশ্বৰ শৰ্মাই চমু ভাষণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীত এনে ধৰণৰ সময়োপযোগী বক্তৃতানুষ্ঠানৰ আয়োজন কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয় । আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ মূল বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পৰিমল ভট্টাচাৰ্যই । ডঃ ভট্টাচাৰ্যই ভাষণত বক্তৃতানুষ্ঠানৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কয় গৱেষণা বিষয়টো ইমান সহজ নহয় । অৱশ্যে আগতকৈ বৰ্তমান গৱেষণা কাৰ্য বহুখিনী সৰল হৈছে । আমাৰ দিনত যিটো কাম কৰোতে ছয় মাহ লাগিছিল,এতিয়া উন্নত প্ৰযুক্তিৰ দিনত ছয়দিনতে কৰিব পৰা হৈছে । উন্নত প্ৰযুক্তি , যন্ত্ৰপাতিৰ বাবে এতিয়া আগতকৈ গৱেষণা কার্য নির্ভুল , ক্ষিপ্ৰতাৰে কৰিব পৰা হৈছে । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়েও বিগত সময়চোৱাত তুলনামূলকভাৱে ধনৰ অভাৱ , আন্তঃগাঁথনিৰ অভাৱ স্বত্তেও গৱেষণা কার্য চলাই নিব পাৰিছে বুলি ডঃ পৰিমল ভট্টাচাৰ্যই সদৰি কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ দেৱশীষ শইকীয়াই গৱেষণা কাৰ্যত লাভ কৰা অভিজ্ঞতাৰ চমুকৈ আলোকপাত কৰে । আনহাতে প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপ সভাপতি জিতুমণি শৰ্মাই সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত প্ৰয়াত দ্বীপেন্দ্ৰ নাথ শৰ্মাৰ জীয়ৰী তথা গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী বালিকা বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোস্না দেৱী ভাগৱতীকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য,প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডঃ সিদ্ধাৰ্থ নয়ন শৰ্মা , জালুকবাৰী লেখিকা সমাৰোহৰ প্ৰচাৰ সম্পাদিকা মণিৰূপা মিশ্ৰকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । অনুষ্ঠানত প্ৰকৃতি দেৱীয়ে সৰস্বতী বন্দনা পৰিবেশন কৰে । শেষত শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ গৌৰ গোপাল বণিকে ।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান