মানস ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ-বন অবিহনে বন্যপ্ৰাণী বিলুপ্ত হ’ব: মন্ত্ৰী পাটোৱাৰী

0 190

ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি বিটিআৰৰ বাকছা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

উল্লেখযোগ্য যে ২০১০ চনত ৰাছিয়াত অনুষ্ঠিত হোৱা বাঘ সংৰক্ষণ সম্পৰ্কীয় চেণ্ট পিটাৰ্ছবাৰ্গ সন্মিলনৰ সময়ত বাঘৰ সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ২৯ জুলাই তাৰিখটো গ্ল’বেল টাইগাৰ ডে হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। উক্ত সন্মিলনৰ সময়ত ২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুণ কৰাৰ সিদ্ধান্তও লোৱা হৈছিল। ভাৰতে ২০১৮ চনতে বাঘৰ সংখ্যা দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য পূৰণ কৰিছিল।

বাঘ সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানক প্ৰশংসা কৰি পাটোৱাৰীয়ে কয় যে বাঘ পৰিৱেশ তন্ত্ৰৰ সামগ্ৰিক মংগলৰ সূচক। সুস্থ বাঘৰ সংখ্যাই সুস্থ অৰণ্য, বিশুদ্ধ বায়ু আৰু বিশুদ্ধ পানীৰ ইংগিত দিয়ে।

তেওঁ মন্তব্য কৰে যে নিৰন্তৰ ব্যৱস্থাৰ জৰিয়তে মানসে বাঘৰ সংখ্যা দুগুণ কৰিব পাৰিছে আৰু ইয়াৰ বাবে ২০২০ চনত গ্ল’বেল টাইগাৰ ফ’ৰামৰ দ্বাৰা কনজাৰ্ভেচন এক্সেলেন্স বঁটাৰে উদ্যানখনক সন্মানিত কৰা হয়। বিটিআৰ আৰু অসমৰ বাবে অতি গৌৰৱৰ বিষয় যে মানসে ২০১৮ চনত বাঘৰ সংখ্যা ২৮ৰ পৰা ২০২২ চনত ৫৭লৈ দুগুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলি পাটোৱাৰীয়ে কয়।

স্থানীয় ৰাইজক মানস ৰাষ্ট্ৰীয় উদ্যানক নিজৰ বুলি গণ্য কৰিবলৈ আহ্বান জনাই বনমন্ত্ৰী গৰাকীয়ে উদ্যানখনৰ উন্নয়নৰ প্ৰচেষ্টাত অৰিহণা যোগাবলৈ কয়। মানস ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সা-সুবিধা বিকাশৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰি থকা বুলিও তেওঁ অৱগত কৰে। যিহেতু প্ৰতি বছৰে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অধিক পৰ্যটক আহিছে, সেয়েহে স্থানীয় লোকসকলে অৰ্থনৈতিকভাৱে বহু পৰিমাণে লাভৱান হ’ব বুলিও তেওঁ কয়।

ৰাজ্যত বনাঞ্চল বৃদ্ধিত সহায় কৰিবলৈও বনমন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনাই নিজৰ মাটিত ব্যৱসায়িক গছপুলি ৰোপণ কৰিবলৈ কয়। বন বিভাগৰ নাৰ্চাৰীসমূহে সেই উদ্দেশ্যে ব্যৱসায়িক গছৰ পুলি বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি তেওঁ ঘোষণা কৰে।

তেওঁ কয় যে বনাঞ্চল ধ্বংস হ’লে বন্যপ্ৰাণী বিলুপ্ত হ’ব পাৰে। সেয়েহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বনাঞ্চল সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহন কৰি আছে ।কোনো চৰকাৰী অনুমোদন অবিহনে নিজৰ ম্যাদি ভূমিত খেতি কৰা গছ বিক্ৰী কৰিব পৰাকৈ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে অসমত বনাঞ্চলৰ আৱৰণ ২ শতাংশ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ উল্লেখ কৰে।

আজিৰ সভাত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক জয়ন্ত বসুমতাৰী, বি টি আৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.