মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন- নদীত ডুবিব ধৰা দুজন বাংলাদেশী মাছমৰীয়াক উদ্ধাৰ কৰি নিজ দেশলৈ ঘূৰাই পঠালে বিএছএফে

0 247

বাংলাদেশৰ দুই মৎস্যজীৱিক উদ্ধাৰ কৰি নিজ দেশলৈ ঘূৰাই পঠালে বিএছএফে। হৰভংগা নদীত মাছ মাৰি থকা অৱস্থাত মাছমৰীয়া দুজনক ডুবিবলৈ ধৰা প্ৰত্যক্ষ কৰে বিএছএফে। বিএছএফে জনোৱা অনুসৰি হৰভংগা নদীত সুন্দৰবন অঞ্চলত এখন নাঁৱত মাছ মাৰি আছিল মাছমৰীয়া কেইজনে। হঠাৎ প্ৰতিকূল বতৰৰ বাবে নাওখন ডুবিবলৈ ধৰে।সেই সময়তে কৰ্তব্যৰত সেনাই ভাৰতীয় মাছমৰীয়াসকলৰ সহায়ত দুয়োজন মাছমৰীয়াক তেওঁলোকৰ জীৱন বিপদত পেলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা মাছমৰীয়াকেইজন বাংলাদেশৰ মোঃ হানিফ মৌলা (৫০) আৰু মোঃ চেলিম হোল্ডাৰ (২১) বুলি জানিব পৰা গৈছে।

বিএছএফ,ডিআইজি, অমৰীশ আৰ্যয়ে উল্লেখ কৰা অনুসৰি তেওঁলোক অজ্ঞান অৱস্থাত আছিল আৰু কঁপি আছিল। মাছমৰীয়া দুজনক তৎক্ষণাত প্ৰাথমিক চিকিৎসা দিয়া হৈছিল আৰু তাৰ পাছত জ্ঞান ঘূৰি আহিল। বিএছএফ দলে মাছমৰীয়া দুজনক সোধ-পোছ কৰাৰ পিছত গম পালে যে তেওঁলোক বাংলাদেশৰ নাগৰিক। বিএছএফে তেওঁলোকক নিজৰ কাপোৰ দিছিল আৰু খাদ্য আগবঢ়াইছিল। বাংলাদেশৰ সীমান্তৰক্ষীক এই সন্দৰ্ভত অৱগত কৰি দুয়োজন মাছমৰীয়াক বাংলাদেশক গতাই দিয়া হৈছিল।১১৮ বেটেলিয়নৰ কমাণ্ডিং অফিচাৰ শ্ৰীআৰকে ত্ৰিপাঠীয়ে জোৱানসকলৰ এই প্ৰশংসনীয় কামত আনন্দ প্ৰকাশ কৰি কয় যে সীমান্তত সংঘটিত অপৰাধ নিয়ন্ত্ৰণৰ লগতে বিএছএফে সীমান্তৰ সীমান্তবাসীৰ সৈতে প্ৰতিটো সুখ আৰু দুখত আছে। সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তবাসীসকলক সহায় কৰিবলৈ সদায় সাজু থাকে, সেয়া ক’ৰণা কালতেই হওঁক বা সাধাৰণ যিকোনো পৰিস্থিতিতে হওক।

Leave A Reply

Your email address will not be published.