মুখ্যমন্ত্ৰীৰে মত-বিনিময় চতিয়াৰ হাটিঙা আদৰ্শ চাহ বাগিচাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

0 189

মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণমৰ্মে তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা চটিয়াৰ হাটিঙা আদৰ্শ চাহ বাগিচাৰ বিদ্যালয়ৰ ৪৮জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাই আজি নিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মত বিনিময় কৰাৰ লগতে একেলগে নৈশ আহাৰ গ্রহণ কৰে। মুখ্যমন্ত্ৰীৰ ভাগিন ছাত্ৰ-ছাত্ৰীসকলৰ দলটোৰ বাবে সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। কেইবাগৰাকী বিশিষ্ট শিল্পীৰ লগতে সেই সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ – ছাত্ৰীসকলে গীত-নৃত্য আদি পৰিৱেশন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ সেই সাংস্কৃতিক অনুষ্ঠান দেখি মুখ্যমন্ত্ৰী ড° শৰ্মা যথেষ্ট উৎফুল্লিত হৈ পৰে। আনকি ছাত্ৰ-ছাত্ৰীৰ দলটোৱে পৰিৱেশন কৰা ঝুমুৰ নৃত্যত মাদলৰ তালে তালে সপত্নীক
মুখ্যমন্ত্ৰী ড০ শৰ্মায়ো অংশগ্ৰহণ কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে একেখন টেবুলত বহি নিশাৰ আহাৰো গ্ৰহণ কৰে। নিশাৰ আহাৰ গ্রহণ কৰি থকাৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ পৰা তেওঁলোকৰ বাগিচাৰ বিভিন্ন সমস্যাৰো বুজ লয়। উল্লেখ্য যে যোৱা বছৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই মাজুলীৰ ভাগিনসকলক অনুৰূপ ধৰণে গুৱাহাটীলৈ মাতি আনিছিল আৰু অনুৰূপ ধৰণে তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ লগতে একেলগে বহি নৈশ আহাৰো গ্রহণ কৰিছিল। মন কৰিবলগীয়া এয়ে যে হাটিঙা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়খন উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলক গুৱাহাটীলৈ ফুৰাবলৈ অনাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্রতিশ্ৰুতি ৰক্ষা কৰি কালি তেওঁলোকক তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আনে।

Leave A Reply

Your email address will not be published.