মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 222

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালৰ প্ৰথম মাহপূৰ্তিৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে আজি শিশু সেৱা আচঁনিখন আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।এই উপলক্ষে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক’ভিডত পিতৃ-মাতৃৰ মৃত্যু হোৱা কিছু সংখ্যক হিতাধিকাৰীক বিত্তীয় সাহাৰ্য্য ধনৰাশিৰ প্ৰথম মাহৰ সাহাৰ্য্য চেক,ম্যাদী জমাৰ প্ৰমাণ পত্ৰ একোটাকৈ লেপটপ আৰু উপহাৰ টোপোলা প্ৰদান কৰে।
উল্লেখযোগ্য যে এই আঁচনি অধীনত প্ৰতিগৰাকী হিতাধিকাৰী নামত ৰাজ্য চৰকাৰে বেংকত ৭,৮১,২০০ টকাৰ ধনৰাশি ম্যাদী জমা কৰিব।এই ম্যাদী ধনৰাশিৰ পৰা হিতাধিকাৰী গৰাকীয়ে ২৪ বছৰ পৰ্যন্ত প্ৰতি মাহে ৩৫০০ টকাৰ বিত্তীয় সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হ’ব।হিতাধিকাৰী গৰাকীৰ ২৪ বছৰ সম্পূৰ্ন হ’লে এই জমাকৃত ম্যাদী ধনৰাশি মূলধন প্ৰতিগৰাকী নিজৰ একাউণ্টলৈ হস্তান্তৰিত কৰা হ’ব।কেন্দ্ৰৰ মোদী চৰকাৰৰ ৭ বছৰ সম্পূৰ্ন হোৱা উপলক্ষে যোৱা ২৯ মে’ত মুখ্যমন্ত্ৰী ড° শৰ্মাই এই আচঁনিখন ঘোষণা কৰিছিল আৰু ঘোষণা কৰাৰ ১০ দিনৰ ভিতৰতে আজি এই আঁচনিখনৰ অধীনত হিতাধিকাৰী সকলোলৈ বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হয়।ভাষণ প্ৰসংগত কয় যে বৰ্তমান ৰাজ্য চৰকাৰখনে প্ৰথম মাহ সম্পূৰ্ন কৰাৰ এই শুভক্ষণত এই আঁচনি খন আজি শুভাৰম্ভ কৰিছে।ক’ভিডৰ ফলত নিজৰ পিতৃ-মাতৃক হেৰুৱা ল’ৰা-ছোৱালী সকললৈ চৰকাৰে কিছু সহায় হাত আগবঢ়াব পাৰি যথেষ্ট সুখী বুলিও তেওঁ কয়।এই আঁচনি খনে ল’ৰা-ছোৱালী সকল জীৱন যাপন কৰি নিজৰ ভৱিষ্যত গঢ় দিয়াৰ দিশত বিশেষ ভাৱে উপকৃত কৰিব বুলিও তেওঁ কয়।
এই আঁচনি অধীনত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ২০০০ টকাৰ সাহাৰ্য্যসহ প্ৰতি গৰাকী শিশুক ৩৫০০ থকাকৈ প্ৰতিমাহে প্ৰদান কৰিব।কোনো অভিভাৱক নোহোৱা ১০ বছৰ তলৰ শিশু আৰু বয়ো:সন্ধিকালৰ কন্যাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই শিশু সকলক যিকোনো শিশু সেৱা প্ৰতিষ্ঠানত ভৰ্তি কৰিব আৰু তেওঁলোকৰ শিক্ষা ব্যয়ৰ লগতে অন্যান্য খৰচো বহন কৰিব।মাউৰা বয়ো:সন্ধিকালৰ কন্যা সকলৰ বাবে চৰকাৰে এক প্ৰতিষ্ঠান ৰখাৰ ব্যৱস্থা কৰিব যাতে এই শিশু সকল পৰিচৰ্য্যা আৰু সুৰক্ষা নিশ্চিত কৰিব পৰা যায়।তেনে এক আৱাসিক বিদ্যালয় হ’ল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়।
আনহাতে ক’ভিডত নিজৰ স্বামীক হেৰুৱা বিধবা মহিলা সকলৰ বাবেও আন এখন আঁচনি ঘোষণা কৰিছে।এই আঁচনি অধীনত ৰাজ্য চৰকাৰে স্বামী মৃত্যু হোৱা প্ৰতিগৰাকী মহিলালৈ এককালীন ২.৫ লাখ টকা মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা আগবঢ়াব।তদুপৰি এই বিধবা মহিলা সকলে অৰুণোদয় আঁচনি সা সুবিধা আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ অধীনত বিধবা পেঞ্চন লাভ কৰিবলৈ সক্ষম হ’ব।

Leave A Reply

Your email address will not be published.