যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে বিশ্বৰ বিভিন্ন দেশে ন ন ব্যৱস্থা হাতত লৈ আহিছে । ভাৰততো ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ২০১৮ চনত ‘END TB’ শীৰ্ষক সন্মিলনত অংশ লৈ এই বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ।ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনিও গ্ৰহণ কৰি আহিছে । ৰাষ্ট্ৰীয় যক্ষ্মা নিৰাময় কাৰ্যসূচীৰ অধীনত সময়ে সময়ে সজাগতামূলক অনুষ্ঠানৰো আয়োজন কৰা হয় । সোমবাৰে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰাময় কাৰ্যসূচীৰ অধীনত কাৰ্বি আংলং জিলাৰ ডিফুত এক সংবাদ কৰ্মশালা অনুষ্ঠিত কৰা হয় । ডিফুৰ যক্ষ্মা কেন্দ্ৰত ৰাজ্যিক ভিত্তিক এই ভাৰ্চুৱেল কৰ্মশালা অনুষ্ঠিত হয় ।গুৱাহাটীৰ পৰা কেইবাগৰাকীও শীৰ্ষ বিষয়াই সাংবাদিকসকলক ভাৰ্চুৱেল মাধ্যমেৰে প্ৰশিক্ষণ দিয়ে ৷ জিলা যক্ষ্মা বিষয়া ডাঃ গণেশ দেউৰীৰ উপস্থিতিত কেইবাগৰাকীও সাংবাদিকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে ৷গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা এই কৰ্মশালাৰ আৰম্ভণি কৰা হয় । ৰাজ্যিক যক্ষ্মা বিষয়া নয়নজ্যোতি দাসে যক্ষ্মা ৰোগ নিৰাময়ৰ সকলো দিশৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ ইয়াৰ উপৰিও বিষয়াগৰাকীয়ে যক্ষ্মা ৰোগ নিৰাময়ৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ বিশেষ ভূমিকাৰ বিষয়েও আলোকপাত কৰে । লগতে স্বাস্থ্যখণ্ডৰ একো একোটা ইতিবাচক বাতৰিয়ে সমাজত বিশেষ প্ৰভাৱ পেলায় বুলি তেওঁ মন্তব্য কৰে ।লগতে সাংবাদিক সকলে এনে বাতৰিৰ পৰিৱেশন কৰিলে মিডিয়া ফেল’শ্বিপ পোৱাৰো থল থাকে বুলি তেওঁ জানিবলৈ দিয়ে ৷ অসমৰ প্ৰতিখন গাঁৱত, প্ৰতিটো চুবুৰীত যক্ষ্মা ৰোগৰ বিষয়ে সজাগতা গঢ়ি তোলাত সংবাদ মাধ্যমক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ তেওঁ আহ্বান জনায় ৷কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিজন সাংবাদিকক জিলা যক্ষ্মা কাৰ্যলয়ৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ৷ এই ক্ষেত্ৰত সাংবাদিক সকলে নিজৰ দায়িত্ব পালন কৰি যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশা কৰিছে স্বাস্থ্য বিভাগে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram