যোৰহাটত গান্ধী পনোৰমা চলচ্চিত্ৰ মহোৎসৱ সম্পন্ন

0 214

যোৰহাট জিলা প্ৰশাসনে আজি দিনযোৰা কাৰ্যসূচীৰে জিলা পুঁথিভৰালৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত গান্ধী পনোৰমা চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰে৷ মহামানৱ মহাত্মা গান্ধী আৰু তেখেতৰ নীতি আদৰ্শত আধাৰিত কেইবাখনো চলচ্চিত্ৰ আজি প্ৰদৰ্শন কৰা হয়৷ উল্লেখযোগ্য যে অসমৰ মহামান্য ৰাজ্যপাল জগদীশ মুখীৰ পৰিকল্পনা মতে বৰ্তমান ৰাজ্যখনত মুঠ ৭ খন জিলাত এই চলচ্চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটী আৰু ডিব্ৰুগড়ত ইতিমধ্যে প্ৰদৰ্শনী হৈ গৈছে৷ আজি পুৱা ১০ বজাৰ আৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 বিদ্যুত চন্দন ডেকাই কয় যে জাতীৰ পিতা মহাত্মা গান্ধীৰ বিষয়ে আমি জানিবলগীয়া বহুত আছে আৰু এনেধৰণৰ কথাছবিৰ প্ৰদৰ্শনীয়ে সমাজত সত্য আৰু অহিংসাৰ প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হ’ব৷ অনুষ্ঠানৰ আদৰণি ভাষণত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কথাছবি উপভোগ কৰিবলৈ অহা উপস্থিত সকলো ৰাইজকে ধন্যবাদ জনায়৷ উপায়ুক্ত গৰাকীয়ে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বাপুজী তথা মহাত্মা গান্ধীৰ চলচ্চিত্ৰ চোৱাৰ উপৰিও তেখেতৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিবলৈ আহ্বান জনায়৷ যোৰহাট জিলা প্ৰশাসনে জিলাবাসীক বিনামূলীয়াকৈ গন্ধীজীৰ নীতি আদৰ্শৰ ভিত্তিত নিৰ্মাণ হোৱা কথাছবি উপভোগ কৰাৰ ব্যৱস্থা কৰিবলৈ পোৱাত উপায়ুক্তগৰাকী অতি আনন্দিত বুলি জানিবলৈ দিয়ে৷

আৰম্ভণী অনুষ্ঠানত ইণ্ডিয়ান ইনফ’টেইনমেন্ট মেডিয়া কোৰ্পৰেশ্বনৰ অধ্যক্ষ দেবেন্দ্ৰ খান্দেলৱাল, পদ্মশ্ৰী লখিমী বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঁঞা, আৰক্ষী অধীক্ষক অংকুৰ জৈন উপস্থিত থাকে৷ আনহাতে অনুষ্ঠানত মুক্তিযুদ্ধাসকল ক্ৰমে খৰ্গেশ্বৰ গগৈ, চন্দ্ৰধৰ চেতীয়া আৰু ললিত চন্দ্ৰ বৰদলৈও বিশিষ্ঠ অতিথি হিচাপে উপস্থিত আছিল৷ অনুষ্ঠানৰ আঁত ধৰি সদৰ মহকুমাধিপতি দিনচেংফা বৰুৱাই উদ্দেশ্য বাখ্যা আগবঢ়ায়৷ জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে বহুসংখ্যক কলাপ্ৰেমী ৰাইজে আজি ৪ খন কথাছবি উপভোগ কৰিবলৈ সক্ষম হয়৷ চলচ্চিত্ৰ মহোৎসৱত আজি “মহাত্মা গান্ধী”, “দ্যা মেকিং অৱ মহাত্মা”, “ৰ’ড টু সংগম” আৰু “গান্ধী মাই ফাদাৰ” নামৰ কথাছবি কেইখন প্ৰদৰ্শন কৰা হয়৷

 

Leave A Reply

Your email address will not be published.