লাচিত কী বৰ্ডে অসমীয়া ভাষাত ন মাত্ৰা প্ৰদান কৰিছে

0 251


ইণ্টাৰনেটত অসমীয়া ভাষা ব্যৱহাৰকাৰীলৈ সুখবৰ কঢ়িয়াই আনিছে এজন যুৱকে। ৰঙিয়াৰ মৃদুল কুমাৰ শৰ্মা নামৰ যুৱক জনে উদ্ভাৱন কৰিছে লাচিত কী বৰ্ড। ইয়াৰ জৰিয়তে সহজতে আৰু দ্ৰুতভাৱে অসমীয়া টাইপ কৰিব পৰা যায়। পেচাত ব্যৱসায়ী মৃদুলে পোন প্ৰথমে নিজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লাচিত কী বৰ্ড উদ্ভাৱন কৰিছিল। এই সম্পৰ্কে লাচিতে এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে কয়-লাচিত মাল্টি লেংগুৱেজ কী বৰ্ডখন বহু প্ৰচেষ্টাৰ ফচল। গুগোল প্লে ষ্টৰত এই কী বৰ্ডখন উপলব্ধ। ইতিমধ্যে প্ৰায় এক লাখ ইণ্টাৰনেট ইউজাৰে এই কী বৰ্ডখন ব্যৱহাৰ কৰিছে। লাচিত কী বৰ্ডখন বনোৱাৰ আগতে ইণ্টাৰনেটৰ সহায় লৈ বিভিন্ন দিশ অধ্যয়ন কৰিছিলো।অনাগত দিনত এখন এংলো ইণ্ডিয়ান অভিধান কৰাৰ পৰিকল্পনা আছে। মৃদুল কুমাৰ শৰ্মাৰ উদ্ভাৱনে নতুনৰ দিশ সূচনা কৰক। আমাৰ অফুৰন্ত শুভকামনা থাকিল।

Leave A Reply

Your email address will not be published.