ৰাজ্যৰ অগ্ৰণী অনা চৰকাৰী সংগঠন লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত দুই ডিচেম্বৰত দিনজোৰা কার্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰাংগনত চ্যুকাফা দিৱস উদযাপন কৰা হয়। পুৱা দহ বজাত চ্যুকাফাৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইয়ে। মাল্যাৰ্পণ কৰে ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টাদ্বয় ড০ মনোৰঞ্জন বৰগোহাঁই আৰু হৰেন বৰগোঁহাইয়ে। ৰেখা নাওশলীয়া ফুকন ডেকাৰ নেতৃত্বত এটি সুন্দৰ সমবেত সংগীতৰে মঞ্চৰ কার্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে মিলিজুলি সাংস্কৃতিক সংঘ তথা জিতু গগৈৰ নেতৃত্বত জেং বিহু পৰিবেশন কৰা হয়। বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত আদৰণি ভাষণ আগবঢ়াই অভ্যর্থনা সমিতিৰ সম্পাদক বিতুমণি গোস্বামীয়ে। লেংডন ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা ড০ মনোৰঞ্জন বৰগোঁহাইয়ে চ্যুকাফা দিৱসৰ তাপৰ্য আগবঢ়াই। ৰাজ্যৰ বিশিষ্ট অভিনেতা অতুল পাচনিয়ে হাস্য-মধুৰ পৰিবেশ এটি সৃষ্টি কৰি সমবেত ৰাইজক আমোদ দিয়ে। সভাত জ্যোতি চিত্রবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা,ড০ লুকুমণি বৰা, হৰেন বৰগোহাঁই, কুতুবুদ্দিন আহমেদ, লেংডন ফাউণ্ডেশ্যনৰ নিতুল বৰগোহাঁই, প্রদীপ দত্ত, লেংডন কাকতক মুখ্য সম্পাদক ৰেখা বৰগোহাঁই, গণ অধিকাৰ কাকতৰ সম্পাদক চন্দ্র কুমাৰ শইকীয়া,জিতু গগৈ আদিয়ে চ্যুকাফা দিৱস উদযাপনৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে, লেংডন ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে চ্যুকাফাৰ আদর্শৰে জাতি-ধর্ম-বর্ণ-নির্বিশেষে সমন্বিতে আগবাঢ়ি গৈ অসমখনক আগুৱাই লৈ যোৱা।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem