দেশৰ স্বাধীনতাৰ আগন্তক ৭৫ বছৰীয়া বর্ষপূৰ্তি উপলক্ষে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগে যোৱা জুন মাহৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন কৰি আহিছে “আজাদি কি অমৃত মহোৎসৱ । কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা চমুকৈ পি এম জি এছ ওৱাই আঁচনিৰ সফল ৰূপায়ণৰ ওপৰত ভিত্তি কৰি পালন কৰি অহা এই কাৰ্যসূচীৰ অহা ১৪ আগষ্টত সামৰণি পৰিব। আনহাতে বিভাগৰ মহানগৰ চক্ৰৰ উদ্যোগত ৯ আগষ্টৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে “আজাদি কি অমৃত মহোৎসৱ। আজি এই উপলক্ষে মহানগৰ চক্ৰৰ অধীক্ষক ৰাতুল বেজৰ তত্বাৱধানত কামৰূপ মহানগৰ জিলা ভিত্তিত ফাঁচীবজাৰৰ জ্ঞানচৰ্চা ভৱনত গ্রাম্য পথ বিষয়ক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত আলোচক হিচাপে ভাগ লয় লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা অপৰূপ বৰুৱা , মুখ্য অভিযন্তা কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী , পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ধীৰাজ শৰ্মা , দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলু ৰঞ্জন ডেকাই ভাগ লয় । আলোচক সকলে ২০০১ চনৰ পৰা দেশৰ গ্ৰাম্য অঞ্চলত পথ সংযোগ আৰু সুষম যাতায়ত ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা পি এম জি এছ ওৱাই সফলতাৰ ওপৰত আলোকপাত কৰে । আনহাতে আলোচনা চক্ৰৰ লগত সংগতি ৰাখি এক মত বিনিময় আৰু প্ৰশ্নোত্তৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ