বিগত সময়ত ক’ভিডকালীন পৰিৱেশৰ বাবে সৃষ্টি হোৱা ছাত্ৰ-ছাত্ৰীৰ পঠনৰ শিকন ভেদ আঁতৰ কৰাৰ উদ্দেশ্য সন্মুখত ৰাখি প্ৰথম এডুকেশ্বন ফাউণ্ডেচনৰ সৌজন্যত স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনে দক্ষিণ কামৰূপৰ মিৰ্জা, মণিয়েৰি তিনিআলি, বৰিহাটৰ ২৫ খন গাৱত আৰু বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সহযোগত সমগ্ৰ ৰাভা হাছং এলেকাৰ আন ২৫ খন গাৱঁত বিষয়ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে । আজি ৩০ জুন বৃহস্পতিবাৰে লোহাৰঘাটস্থিত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৰাভা হাছং এলেকাৰ মুঠ ২৫ খন গাঁৱৰ প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ।কাৰ্যসূচীত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ,কামৰূপৰ অধ্যাপক ড০ প্ৰাণেশ্বৰ গোস্বামী, বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভা,প্ৰথম এডুকেশ্বন ফাউণ্ডেচনৰ ৰাজ্যিক সমন্বয়ক বিজন গোঁহাই, শিক্ষক জীৱেশ্বৰ বড়ো ,ৰমেন ৰাভাৰ লগতে স্থানীয় ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ।ৰাভা হাচং এলেকাৰ ২৫ খন গাৱঁৰ মুঠ ৪০ গৰাকী স্বেচ্ছাসেৱক উপস্থিত থকা এই প্ৰশিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়াই স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনৰ বিষয়ববীয়া ৰত্ন দাস আৰু মীনাক্ষী চৌধুৰীৰ লগতে প্ৰথম এডুকেশ্বন ফাউণ্ডেচনৰ জিলা সমন্বয়ক নৃপেন দাসে ।সমগ্ৰ প্ৰকল্পৰ সমন্বয়ক হিচাপে স্বেচ্ছামূলক সেৱা আগবঢ়াই শিক্ষক উত্তম চন্দ্ৰ দাসে ।মূলত: চতুৰ্থ ,পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ মইনাসকলৰ পঠন সক্ষমতা বৃদ্ধিৰ বাবে প্ৰথম এডুকেশ্বন ফাউণ্ডেচনে প্ৰস্তুত কৰা সৰ্বোচ্ছ শিকনৰ সমন্বিত ক্ৰিয়াকলাপ (Combined Activities for Maximised Learning) চমুকৈ কামাল শীৰ্ষক আৰ্হি প্ৰয়োগৰ জৰিয়তে শিশুসকলৰ সৰ্বোচ্চ পঠন সক্ষমতাৰ স্তৰ উন্নীতকৰণৰ বাবে স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনে দক্ষিণ কামৰূপৰ মুঠ ৫০ খন গাওঁত বিশেষ গ্ৰীস্মকালীন কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতিমূলক এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ।অনুষ্ঠানত বিশিষ্ট অতিথি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ,কামৰূপৰ অধ্যাপক ড০ প্ৰাণেশ্বৰ গোস্বামীয়ে শিক্ষাদানক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দান হিচাপে শাস্ত্ৰৰ উদ্ধৃতি দি বক্তব্য ৰখাৰ লগতে প্ৰথম এডুকেশ্বন ফাউণ্ডেচনৰ ৰাজ্যিক সমন্বয়ক বিজন গোঁহায়ে এই মহান প্ৰয়াসৰ লগত জড়িত সকলো অনুষ্ঠান আৰু ব্যক্তিকে ধন্যবাদ জনাই । বাৰছুৰ সভাপতি কমলেশ্বৰ ৰাভাই এই শৈক্ষিক কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ সকলোকে অনুৰোধ জনায় ।শিক্ষক তথা সমন্বয়ক উত্তম দাসে গ্ৰীষ্মকালীন বন্ধৰ সময়চোত প্ৰতিদিনেই প্ৰকল্পটোৱে সামৰি লোৱা গাওঁসমূহলৈ গৈ প্ৰশিক্ষক সকলক সহায় কৰাৰ কথা উল্লেখ কৰে । উল্লেখযোগ্য যে স্পৰ্শ-অসম আৰু বেলি এডুকেশ্বনৰ উদ্যোগত ইতিমধ্যে বিগত ২৫ জুন আৰু ২৭ জুনত সংস্থা দুটাৰ বৰিহাটস্থিত কাৰ্যালয়ত গ্ৰীষ্মকালীন শৈক্ষিক কৰ্মশালাৰ বাবে মিৰ্জা,তিনিআলি আৰু বৰিহাটৰ বৃহত্তৰ অঞ্চল সামৰি মুঠ ২৫ গাৱঁত নিয়োজিত প্ৰশিক্ষকসকলৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী সুকলমে সমাপ্ত হৈ যায়।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত