শতিকা গৰকা ঢকুৱাখনা জামে মছজিদ ঈদগাহ ময়দানত পবিত্ৰ ঈদ পালন

0 315

১৮ শ শতিকাতে ঢকুৱাখনা নগৰৰ তেতিয়াৰ মৰিয়া গাঁও আৰু বৰ্তমানৰ মাণিকপূৰ গাঁওত  ইছলাম ধৰ্মী ৰাইজে প্ৰতিষ্ঠা কৰা  ঢকুৱাখনা  জামে মছজিদৰ ঈদগাহ ময়দানত দেওবাৰে পবিত্ৰ ঈদ উল জোহা উদযাপন কৰা হয় । বিগত সময়ছোৱাৰ ধাৰাবাহিক পৰম্পৰা অব্যাহত ৰাখি উদযাপিত এই পবিত্ৰ ঈদ উপলক্ষত  দেওবাৰে ইছলাম ধৰ্মী ৰাইজ একত্ৰিত হৈ ভাতৃত্ববোধৰ  বাণী বিলাই আল্লা তালাৰ ওচৰত দোৱা বিচাৰে  । দেওবাৰে পুৱা ৮-১৬ বজাত ঢকুৱাখনা ঈদগাহ ময়দানত ইছলাম ধৰ্মী শত সহস্ৰ ৰাইজ উপস্থিত হয় পবিত্ৰ ঈদৰ সমূহীয়া নামাজৰ বাবে। ঐক্য, সম্প্ৰীতি ভাতৃত্ববোধ আৰু বিশ্ব শান্তি কামনাৰে এখন অপায় অমংগল বিহীন  সমাজ সভ্যতাৰ বাবে সমূহীয়া নামাজ কৰি আল্লাৰ দোৱা কামনাৰে অনুষ্ঠিত এই অনুষ্ঠানত নামাজ পঢ়োৱাই আৰু  খুদবা পাঠ কৰে ঢকুৱাখনা জামে মজ্জিদৰ ইমাম মহম্মদ ৰমজান আলিয়ে । প্ৰতিকূল বতৰকো উপেক্ষা কৰি সমবেত সমগ্ৰ মানিকপুৰ অঞ্চলৰ  ইছলাম ধৰ্মী ৰাইজক দোৱা পাঠ  কৰে বিগত ৩৫ বছৰ ধৰি জামে মছজিদৰ  ইমাম হিচাবে সেৱা আগবঢ়োৱা  মছজিদৰ প্ৰাক্তন  বয়স্ক ইমাম চাহেব  মহম্মদ ফজৰ আলিয়ে । অঞ্চলটোৰ প্ৰায় ২৪০ টা  ইছলামধৰ্মী  পৰিয়ালে অংশ গ্ৰহণ কৰা এই সমূহীয়া নামাজৰ পাছতে পৰম্পৰাগত ৰীতি নীতিৰে ত্যাগৰ প্ৰতীক কুৰবাণীৰ নিয়ম  সম্পন্ন কৰি পবিত্ৰ ঈদ উল জোহা পালন কৰে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.