শিৱসাগৰত নিউমোকক্কেল কনজুগেট ভেকচিন প্ৰদানৰ শুভাৰম্ভ

0 148

সমগ্র ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো কালি নিউমোকক্কেল কনজুগেট ভেকচিন (পি চি ভি) প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়। স্থানীয় খেমকা মাতৃ সেৱা সদনত অনুষ্ঠিত এখন সভাত নিউমোকক্কেল কনজুগেট ভেকচিন (পি চি ভি) প্ৰদানৰ অনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) বিতোপন নেওগে।
এই ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰি প্ৰদান কৰা বক্তব্যত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, আজিৰে পৰা নিউমোকক্কেল কনজুগেট ভেকচিন (পি চি ভি) সাৰ্বজনীন টিকাকৰণ অভিযানৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই ব্যয়বহুল ভেকচিন এতিয়াৰে পৰা সাৰ্বজনীন টিকাকৰণ অভিযানৰ অন্তৰ্গত অন্যান্য প্ৰতিষেধকৰ লগতে শিশুসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি তেওঁ অৱগত কৰে। তেওঁ এই ভেকচিন সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ আশাকৰ্মী সকলক কয়। তেওঁ শিশু সকলক সঠিক বয়সত এই ভেকচিন প্ৰদান কৰাই তেওঁলোকৰ স্বাস্থ্যৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ মাতৃ সকলক আহ্বান জনায়। একোগৰাকী সুস্থ-সৱল শিশুৱে উৎকৃষ্ট মানৱ সম্পদ ৰূপে গঢ় লৈ একোখন শক্তিশালী আৰু উন্নত দেশৰ সূচাংক নিৰূপণ কৰে বুলি তেওঁ উল্লেখ কৰে।
জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা আৰু অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া (পৰিয়াল কল্যাণ) ডাঃ মুকুল দাসে নিউমোকক্কেল কনজুগেট ভেকচিন (পি চি ভি) -ৰ উপকাৰিতাৰ বিষয়ে সবিস্তাৰে অৱগত কৰে।
উল্লেখযোগ্য যে, নিউমোকক্কেল কনজুগেট ভেকচিনে (পি চি ভি) শিশু সকলক নিউমোকক্কেল ৰোগৰ পৰা হ’ব পৰা ৰোগ আৰু মৃত্যুৰ পৰা প্ৰতিৰোধ কৰে। নিউমোকক্কেল ৰোগ (Pneumococcal disease) ষ্ট্রেপটককাচ নিউমনি বা নিউম’কক্কাচ নামৰ এটা বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ। নিউম’কক্কাচৰ পৰা অধিক জটিল ৰোগ যেনে- মেনিনজাইটিচ, চেপ্টিচেমিয়া, নিউম’নিয়া আদি ৰোগৰ লগতে অন্যান্য সাধাৰণ ৰোগ যেনে- চাইন’চাইটিচ আৰু অটিটিচ মিডিয়া হ’ব পাৰে। নিউমোকক্কেল ৰোগ উশাহ নিশাহত ওলোৱা পানীৰ টোপালৰ (যেনে কাঁহ, হাঁচি ইত্যাদি কাৰণত) মাধ্যমেৰে এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পে। পাঁচ বছৰৰ কম আৰু বিশেষভাৱে দুই বছৰ বয়সৰ কম শিশুৰ এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক। নিউমোক্কেল নিউমনিয়া এবিধ শ্বাস-প্ৰশ্বাস জনিত ৰোগ যাৰ দ্বাৰা হাওঁফাওঁ ফুলি উঠা বা হাওঁফাওঁত পানী জমা হৈ অক্সিজেনৰ মাত্ৰা কমি যায়। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসত অসুবিধা হয়। নিউমোকক্কেল কনজুগেট ভেকচিন (পি চি ভি) -ৰ প্ৰথম পালি শিশুক ৬ সপ্তাহ বয়সত, দ্বিতীয় পালি ১৪ সপ্তাহ বয়সত আৰু তৃতীয় পালি ৯ মাহত প্ৰদান কৰা হ’ব।
কালিৰ সভাত মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা, স্বাস্থ্য বিভাগৰ বিষয়া সকল, এ এন এম, আশাকৰ্মী সকল আৰু নিজ শিশুক ভেকচিন প্ৰদান কৰাবলৈ অহা মাতৃসকল উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.