শিৱসাগৰত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

0 254

সমগ্র দেশ তথা ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো আজি সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা স্বাস্থ্য সমিতি, জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়, আয়ুস, শিৱসাগৰ আৰু দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সহযোগত উপায়ুক্ত কাৰ্য্যালয় প্ৰাংগনত অৱস্থিত অফিচাৰ্ছ ক্লাৱত সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা এই যোগ দিৱসৰ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই।
নিজ বক্তব্যত উপায়ুক্ত গৰাকীয়ে যোগ দিৱসৰ তাৎপৰ্য সম্পৰ্কে চমু আভাস দিয়াৰ লগতে সুস্থ শৰীৰ, মন আৰু আত্মাৰ বাবে যোগাসনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অংশগ্ৰহণকাৰী সকলক তেওঁ যোগক এক দৈনন্দিন অভ্যাসত পৰিণত কৰি ইয়াৰ সুফল গ্ৰহণ কৰিবলৈ আহ্বাব জনায়। সাম্প্ৰতিক ক’ভিড-১৯ -ৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ জিলাবাসীক নিজ নিজ গৃহতে যোগাভ্যাস কৰি একো একোটি সুস্থ শৰীৰ আৰু মনৰ অধিকাৰী হ’বলৈ আহ্বান জনায়।
যোগ দিৱস উপলক্ষে পুৱা পুৱা ৭:০০ বজাৰ পৰা ৮:০০ বজালৈ যোগাসন (Common Yoga Protocol or CYP) অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে, এই বছৰৰ যুৱ দিৱসৰ মূল আলোচ্য বিষয় হ’ল- “সুস্বাস্থ্যৰ বাবে যোগ” (Yoga for Wellness)।
আজিৰ যোগ দিৱসৰ কাৰ্যসূচীত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি ৰাজবংশী তথা সংলগ্ন চক্ৰ বিষয়া ৰন্টু বৰুৱা, সহকাৰী আয়ুক্ত পংকজ বড়া আৰু দীপাৱলী কুৰ্মী, জিলা ক্ৰীড়া বিষয়া প্ৰতীম বৰুৱা, আয়ুস (AYUSH), শিৱসাগৰৰ ন’ডেল বিষয়া ডঃ মণিৰাম কলিতা, যোগ মিত্ৰ জয়ন্ত বেজ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু ভালেকেইগৰাকী যোগ প্ৰশিক্ষকে অংশগ্ৰহণ কৰে।
বাতৰি যুগুতালে শিৱসাগৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.