শ্বহীদ দিৱসত মুখ্যমন্ত্ৰীয়ে কি ক’লে

0 283

অসম আন্দোলনৰ গুলীবিদ্ধ নিৰ্যাতিত সকলক ৰাজ্য চৰকাৰে ২ লাখ টকাকৈ এককালীন বিত্তীয় সাহাৰ্য্য আগবঢ়াব।অসম আন্দোলনৰ প্ৰতিটো মুহুৰ্ত প্ৰতিফলিত কৰাকে ৰাজ্য চৰকাৰে এশ গ্ৰন্থ প্ৰকাশ কৰিব।মহানগৰীৰ খানাপাৰাৰ অসম চুক্তি ৰূপায়ন কাৰ্য্যালয়ত অনুষ্ঠিত শ্বহীদ দিৱসৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে।লগতে তেখেতে কয় যে ভাৰত আৰু বাংলাদেশ সীমান্তৰ নদী অঞ্চলত কাঁইটীয়া তাৰৰ কামে সীমান্ত অঞ্চলত অগ্ৰগতি লাভ কৰাৰ কথা জানিবলৈ দিয়ে।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী আৰু আপত্তি দাখিল প্ৰক্ৰিয়াত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।আনহাতে চন্দ্ৰ মোহন পাটোৱাৰীয়ে অসম আন্দোলনৰ স্মৃতি সমূহ ৰোমন্থন কৰে।আৰু চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক শলাগ লয়।অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্ম, তপন গগৈকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.