সদৌ অসম মাধ্যমিক অতিৰিক্ত শিক্ষক সন্থাৰ (ঠিকাভিত্তিক) উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত।

0 242

সদৌ অসম মাধ্যমিক অতিৰিক্ত শিক্ষক সন্থাৰ (ঠিকাভিত্তিক) উদ্যোগত মাধ্যমিকৰ অতিৰিক্ত শিক্ষক সকলৰ বাবে দিছপুৰ স্থিত লোকনিৰ্মাণ বিভাগৰ কণভেঞ্চন এণ্ড ট্ৰেইনিং চেণ্টাৰত এদিনীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ এক কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে তেঁওৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে তেওঁ যোৱা দুটা বছৰে বিভাগটোক বুজিব চেষ্টা কৰিছে আৰু তাক আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেওঁ লগতে কয় যে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলক আগুৱাই নিয়াৰ বাবে আমাৰ মাধ্যমিকৰ অতিৰিক্ত শিক্ষক সকলে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ আৰু কয় যে বৰ্তমান সময়ত বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষা সমূহত আমাৰ ছাত্ৰ ছাত্ৰী সকলক আগুৱাই নিয়াৰ বাবে মাধ্যমিক পৰ্যায়ৰ পৰাই অৰ্থাৎ ক্লাছ ৬ৰ পৰাই তেওঁলোকক প্ৰস্তুত কৰিব লাগিব আৰু এই লক্ষ্য আগত ৰাখি বিভাগে কাম কৰি আছে। লগতে তেওঁ উল্লেখ কৰে যে শিক্ষকক সকলে ছাত্ৰ ছাত্ৰী সকলক কিতাপৰ পাঠৰ উপৰিও তেওঁলোক জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত সামগ্ৰীক জ্ঞান প্ৰদানৰ ব্যবস্থা গ্ৰহণ কৰিব লাগিব। তেওঁ যোৰ দি কয় যে ২০১০ চনৰ পৰাই আমাৰ শিক্ষা ক্ষেত্ৰত ড্ৰপ আউট ৰেত কমি আহিছে এই ক্ষেত্ৰত আমাৰ শিক্ষক সকলৰ এক ডাঙৰ ভূমিকা আছে। তেওঁ পৰ্যায় ক্ৰমে শিক্ষক সকলৰ সমস্যা সমূহ বিভাগে সমাধানৰ চেষ্টা কৰি থকা বুলি উল্লেখ কৰে আৰু সঠিক দাতা প্ৰস্তুত কৰাৰ বাবে শিক্ষক সকলক শিক্ষা সেতু এপত দাটা আপলোড কৰাৰ বাবে আহ্বান জনাই। আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননিগোপাল মহন্ত, মাধ্যমিক শিক্ষাৰ সঞ্চালিকা মমতা হোজাই, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী, শিক্ষক সংগঠনটোৰ সভাপতি মহিধৰ কলিতাৰ লগতে বিভিন্ন জিলাৰ পৰা কৰ্মশালাত অংশগ্ৰহন কৰা শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.