সফলতাৰে সম্পন্ন হ’ল এন ই ফ’কাচ গ্লৰী এৱাৰ্ড

0 317

অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচে ১৫ আগষ্টত অষ্টম বৰ্ষত ভৰি দিব। বৰ্ষপুৰ্তিৰ লগত সংগতি ৰাখি বটা প্ৰদানৰ এক অনুষ্ঠিত হয়। প্ৰতি বছৰে উদযাপন কৰি অহাৰ দৰে এইবাৰো এন ই ফ’কাচে উদযাপন কৰিলে এন ই ফ’কাচ গ্ল’ৰী এৱাৰ্ড। এইবাৰ এন ই ফ’কাচ গ্ল’ৰী এৱাৰ্ড লাভ কৰিলে লেখক, সমাজ সচেতক নৱজিৎ দেউৰী, শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,যোৰহাট টীয়কৰ ব্যৱসায়ী ধ্ৰুৱজ্যোতি বৰা।এই বঁটাত আছিল গামোচা, চেলেং, স্মাৰক, আৰু গ্লৰীৰ ট্ৰফি। উল্লেখ্য যে এই গ্লৰী বঁটা বিভিন্ন শিতানত প্ৰদান কৰা হৈছিল।

আনহাতে, এন ই ফ’কাচৰ বঁটা লাভ কৰে ৰাজ্যৰ সাহিত্য, সংস্কৃতি, ৰাজনীতি, ব্যৱসায়ৰ লগত জৰিত ১১ জনকৈ ব্যক্তিয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেখেত সকলে বঁটা গ্ৰহণ কৰে। এন ই ফ’কাচৰ বঁটাত আছে গামোছা, জাপি, মানপত্ৰ আৰু ট্ৰফি। এন ই ফ’কাচৰ বঁটা লাভ কৰে ব্যৱসায়ী কৰিষ্মা বেগম, লেখক লক্ষী প্ৰসাদ ডেকা, দিলিপ দাস, অলকা বুজৰ বৰুৱা, উষামণি শইকীয়া, ছাজন ভূঞা, শুক্লেশ্বৰ নাথ, বাসন্তী দুৱাৰা কলিতা, দিনমণি ভাণ্ডাৰ কায়স্থ, সুশান্ত বিশ্বাস, যুগান্ত দাস। উল্লেখযোগ্য যে অহা ১৫ আগষ্টত Nefocus য়ে অষ্টম বৰ্ষত ভৰি দিব। বৰ্ষপুৰ্তিৰ প্ৰাকক্ষণত প্ৰতি বছৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক Nefocus গ্ল’ৰী এৱাৰ্ডে সন্মানিত কৰি আহিছে।মহানগৰীৰ পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক চলচ্চিত্র বিত্ত নিগমৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰায় শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শিত হয়। স্মৃৰ্তব্য যে ২০১৬ চনৰ ১৫ আগষ্টত যুৱ সাংবাদিক সংগীতা শইকীয়াৰ প্ৰচেষ্টাত Nefocus.com য়ে জন্ম লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.