সাহসিকতা বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে

0 271

নিজৰ জীৱনকো তুচ্ছ কৰি বানত উটি যাবলৈ ধৰা শিশুক জীৱন বচোৱাৰ বাবে লখিমপুৰৰ দুজন যুৱকে ৰাষ্ট্ৰীয় অসামৰিক বঁটা জীৱন ৰক্ষক পদক লাভ কৰে।লখিমপুৰৰ ঘিলামৰাৰ মনোজ চাওতাল,ৰাজু গাৰাহক জিলা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে।উল্লেখযোগ্য যে তেওঁলোকে ২০১৮চনৰ ৫জুনত জীয়াঢল নদীত উটিব খোজা অবিনাশ চিন্তেক নামৰ শিশুটিক উদ্ধাৰ কৰিছিল ।এই সন্মান হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা এক পুৰস্কাৰ ।১৯৬১চনৰ ৩০ছেপ্টেম্বৰৰ পৰা এই প্ৰচলন আছে ।লখিমপুৰ জিলা প্ৰেক্ষাগৃহত এই পুৰস্কাৰ অলপতে জিলা উপায়ুক্তই প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.