সেউজ অসম গঢ়াত ব্ৰতী এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া

0 360

                                                            সেউজ অসম গঢ়াত ব্ৰতী এজন অৱসৰ প্ৰাপ্ত চৰকাৰী বিষয়া । চৰকাৰী দায়িত্বৰ পৰা অৱসৰ লোৱা পিছত আন দহ জনৰ দৰে ঘৰতে শুই বহি নাথাকি আৰম্ভ কৰিছে সেউজ অসম নামৰ এক অভিযান। সেই অনুসৰি তেওঁ নিজা প্ৰচেষ্টাত আৰম্ভ কৰিছে গছ পুলি ৰোপনৰ এক অভিলাষী আঁচনি। অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ(গৃহ) সহকাৰী অভিযন্তা ৰূপে অৱসৰ গ্ৰহণ কৰা এই ব্যক্তিগৰাকীৰ নাম সত্যেন লাহন। শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ গড়কোষ লাহন গাঁওৰ লোকনাথ লাহন আৰু সৰুমাই লাহনৰ সন্তান তথা  যোৰহাট চন্দন নগৰত বৰ্তমান স্থায়ী বাসিন্দা ৰূপে বসবাস কৰা সত্যেন লাহনে ২০১৩ চনত অসম চৰকাৰৰ গড়কাপ্তানী বিভাগ(গৃহ)ৰ সহকাৰী অভিযন্তা ৰূপে অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰ গ্ৰহণৰ পাছৰ পৰাই বিভিন্ন সামাজিক কামত জড়িত হৈ পৰা লগতে গছ পুলি ৰোপন কৰাত মনোনিবেশ কৰে সত্যেন লাহনে। আনহাতে সত্যেন লাহনৰ ঐকান্তিক প্ৰচেষ্টাত গল্ডেন এণ্ড গ্ৰীণ ড্ৰীম আছাম নামেৰে চৰকাৰী বিষয়াসকলক লৈ ২০১৮ চনৰ এপ্ৰিল মাহত গঢ় লোৱা স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে প্ৰাৰম্ভিক পৰ্যায়ত সমগ্ৰ অসমতে এবছৰৰ ভিতৰত এক লক্ষাধিক গছ পুলি ৰোপনৰ পৰিকল্পনাৰে অভিযান আৰম্ভ কৰিছে। সেই অনুসৰি ইতিমধ্যে মাজুলী, যোৰহাট আৰু শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত ৰোপন কৰিছে কেইবা হাজাৰ গছ পুলি। প্ৰকৃতিৰ পৰা যি অক্সিজেন গ্ৰহণ কৰি আমি জীয়াই আছো সেই অক্সিজেনৰ কিছু অংশ যাতে আমি পুনৰ প্ৰকৃতিক প্ৰদান কৰি যাব পাৰো তাৰ লক্ষ্যৰে সমগ্ৰ অসমত এবছৰত একলাখকৈ গছ পুলি ৰোপনৰ পৰিকল্পনা হাতত লৈছো বুলি এই প্ৰতিবেদকৰ আগত সত্যেন লাহনে নিজৰ অনুভৱ ব্যক্ত কৰে। এই গৰাকী চৰকাৰী বিষয়াই গছ পুলি ৰোপনৰ বাবে প্ৰয়োজন হোৱা ধন যোগাৰ কৰাৰ বাবেই অৱসৰ গ্ৰহণ কৰা পাছত এটা ব্যক্তিগত নিৰ্মাণ প্ৰতিষ্ঠানৰ চাকৰিত যোগদান কৰি বৰ্তমান মাজুলীত কৰ্মৰত হৈ আছে। বৰ্তমান তেওঁ প্ৰতিষ্ঠানটোৰ পৰা লাভ কৰা দৰমহাৰ সমুদায় ধন গছ পুলি ৰোপনত ব্যয় কৰি আহিছে। মই চলিব আৰু খাব পৰাকৈ চৰকাৰৰ ঘৰৰ পৰা উপযুক্ত পেন্সন লাভ কৰি আছো কিন্তু মোৰ সপোনৰ সেউজ অসমখনৰ বাবে প্ৰয়োজন হোৱা ধন যোগাৰ কৰিবৰ বাবে মই ব্যক্তিগত প্ৰতিষ্ঠানটোত কাম কৰিছো। এনেদৰে মন্তব্য কৰে গ’ল্ডেন এণ্ড গ্ৰীণ ড্ৰীমৰ সভাপতি ৰূপে দায়িত্ব গ্ৰহণ কৰা সত্যেন লাহনে। আনহাতে সত্যেন লাহনৰ প্ৰচেষ্টাত গ’ল্ডেন এণ্ড গ্ৰীণ ড্ৰীমৰ অধীনত নিজাকৈ এখন নাৰ্ছাৰী স্থাপন হোৱা লগতে উক্ত নাৰ্ছাৰীত সোনাৰু, নাহৰ, বকুল, নিম পুলিকে ধৰি বিভিন্ন ফল মুলৰ পুলি লগোৱা হৈছে। এই নাৰ্ছাৰিৰ গছ পুলি তেওঁ অসমৰ বিভিন্ন প্ৰান্তত ৰোপন কৰা বাবেই নাৰ্ছাৰীখন গঢ় দিয়া বুলি উল্লেখ কৰে। অন্যহাতে তেওঁ এটা গছ পুলি ৰোপন কৰা লগতে পুলিটোৰ উপযুক্ত সুৰক্ষাৰ বাবে প্ৰতিটো পুলিৰ বিপৰীতে প্ৰায় ছশ টকা ব্যয় হোৱা বুলি জানিবলৈ দিয়ে। ইফালে এগৰাকী অৱসৰ প্ৰাপ্ত চৰকাৰী বিষয়াই প্ৰকৃতিৰ প্ৰতি প্ৰদৰ্শন কৰা দায়বদ্ধতাক বিভিন্ন জনে প্ৰশংসা কৰিছে।খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে ..

Leave A Reply

Your email address will not be published.